
বৰপেটাত একপ্ৰকাৰ কংগ্ৰেছ শূন্য কৰি বিজেপিত যোগদান একাধিক কংগ্ৰেছ নেতাৰ ৷ বৰপেটা জিলা কংগ্ৰেছৰ ২২ গৰাকী নেতাৰ বিজেপিত যোগদান ৷
বৰপেটাত একপ্ৰকাৰ কংগ্ৰেছ শূন্য কৰি বিজেপিত যোগদান একাধিক কংগ্ৰেছ নেতাৰ ৷ বৰপেটা জিলা কংগ্ৰেছৰ ২২ গৰাকী নেতাৰ বিজেপিত যোগদান ৷
বৰপেটাত একপ্ৰকাৰ কংগ্ৰেছ শূন্য কৰি বিজেপিত যোগদান একাধিক কংগ্ৰেছ নেতাৰ ৷ বৰপেটা জিলা কংগ্ৰেছৰ ২২ গৰাকী নেতাৰ বিজেপিত যোগদান ৷ বিগত বিধানসভা নিৰ্বাচনত বৰপেটা সমষ্টিত অমুছলমান প্ৰাৰ্থীক কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰা নহব বুলি বৰপেটাৰ সাংসদ আব্দুল খালেকে গ্ৰহণ কৰা স্থিতিক লৈ ক্ষোভ ৷ সাংসদগৰাকীৰ এনে মনোবৃত্তিৰ বাবেই বৰপেটাৰ কংগ্ৰেছ নেতাসকলে দীৰ্ঘদিন ধৰি দলৰ পৰা আতৰি থকাৰ পিচত আজি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷
উল্লেখ্য যে কংগ্ৰেছ নেতাসকলে বৰপেটা জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টোও কেবামাহ ধৰি তলাবন্ধ কৰি ৰাখিছিল ৷ ইপিনে কংগ্ৰেছৰ সৈতে আজি তৃণমূল কংগ্ৰেছৰ নেতা আৰু মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰয়ো বিজেপিত যোগদান কৰে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|