আজি NIAৰ আদালতে শাস্তি ঘোষণা কৰিব বৰ্ধমান বিস্ফোৰণৰ ১৯ দোষীৰ

১৯ অভিযুক্তৰ ভিতৰত আছে অসমৰ তিনি জেহাদী ক্ৰমে ছাহানুৰ আলম, ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলাম।

News18-Assam
Updated:August 30, 2019, 8:17 AM IST
আজি NIAৰ আদালতে শাস্তি ঘোষণা কৰিব বৰ্ধমান বিস্ফোৰণৰ ১৯ দোষীৰ
১৯ অভিযুক্তৰ ভিতৰত আছে অসমৰ তিনি জেহাদী ক্ৰমে ছাহানুৰ আলম, ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলাম।
News18-Assam
Updated: August 30, 2019, 8:17 AM IST
আজি ঘোষণা কৰা হ’ব পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণ আৰু ভাৰতবিৰোধী জেহাদী কাৰ্যকলাপৰ গোচৰত দোষী সাব্যস্ত ১৯ অভিযুক্তৰ শাস্তি। NIAৰ আদালতে শাস্তি ঘোষণা কৰিব ১৯ অভিযুক্তৰ। ১৯ অভিযুক্তৰ ভিতৰত আছে অসমৰ তিনি জেহাদী ক্ৰমে ছাহানুৰ আলম, ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলাম। তিনিওজন জেহাদীৰ ঘৰ বৰপেটা জিলাত।

বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন JMBৰ চাৰিজন সদস্যকো দোষী সাব্যস্ত কৰিছে NIAৰ আদালতে। দোষী সাব্যস্ত হোৱা JMB সদস্যকেইজন হবিবুৰ ৰহমান, লিয়াকৎ আলী প্ৰমাণিক, শ্বেখ ৰহমতউল্লাহ আৰু ছাদিক। বৰপেটাত আত্মগোপন কৰি জেহাদীৰ ঘাটি গঢ়াত প্ৰধান ভূমিকা লৈছিল হবিবুৰে। NIAই এই গোচৰত মুঠ ৩০জন লোকক গ্ৰেপ্তাৰ কৰিছিল। বাকী সকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ২০১৪ চনৰ ২ অক্টোবৰত হৈছিল বৰ্ধমান বিস্ফোৰণ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি