• Home
  • »
  • News
  • »
  • assam
  • »
  • গ্ৰীন টী, ব্লু টীকে ধৰি ১৬ প্ৰকাৰৰ চাহ তৈয়াৰ কৰি দেশ–বিদেশত সমাদৃত বৰছলাৰ অনুজ সাহা

গ্ৰীন টী, ব্লু টীকে ধৰি ১৬ প্ৰকাৰৰ চাহ তৈয়াৰ কৰি দেশ–বিদেশত সমাদৃত বৰছলাৰ অনুজ সাহা

অনুজ সাহাই প্ৰথমবাৰৰ বাবে বিগত কেইমাহমান পূৰ্বে অপৰাজিতা ফুলৰ সংমিশ্ৰণেৰে সৃষ্টি কৰিছিল ব্লু টী৷

অনুজ সাহাই প্ৰথমবাৰৰ বাবে বিগত কেইমাহমান পূৰ্বে অপৰাজিতা ফুলৰ সংমিশ্ৰণেৰে সৃষ্টি কৰিছিল ব্লু টী৷

অনুজ সাহাই প্ৰথমবাৰৰ বাবে বিগত কেইমাহমান পূৰ্বে অপৰাজিতা ফুলৰ সংমিশ্ৰণেৰে সৃষ্টি কৰিছিল ব্লু টী৷

  • Share this:
অসমত উৎপাদিত চাহে বিশ্বৰ বজাৰ দখল কৰি অসমলৈ সুনাম কঢ়িয়াই অনাৰ ওপৰি অসমত জৈৱিকভাৱে উৎপাদিত চাহৰ সমাদৰ বৃদ্ধি পাইছে দেশে–বিদেশে। উল্লেখযোগ্য যে বিশ্ব দৰবাৰত এশ বছৰতকৈ অধিক কাল অসমৰ গৌৰৱোজ্জ্বল চাহ উদ্যোগে উচ্চ স্থান দখল কৰি আহিছে৷

বৰ্তমান দেশ-বিদেশৰ বজাৰত জৈৱিক পদ্ধতিৰে উৎপাদিত পণ্য সামগ্ৰীৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি হৈছে৷ তেনে সময়তে শোণিতপুৰ জিলাৰ বৰছলাত এগৰাকী নিবনুৱা যুৱকৰ জৈৱিক চাহ উৎপাদনে কঢ়িয়াইছে আশাৰ ৰেঙণী৷ জৈৱিক পদ্ধতিৰে গ্ৰীন টী, ব্লু টীকে ধৰি প্ৰায় ১৬ প্ৰকাৰৰ ভিন্ন সোৱাদৰ জৈৱিক চাহ তৈয়াৰ কৰি দেশৰ লগতে বিদেশলৈ ৰপ্তানী কৰিছে অনুজ সাহাই৷

বৰছলাৰ ভঙামন্দিৰ গাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়ক সুকুমাৰ সাহাৰ পুত্ৰ উদ্যমী যুৱক অনুজ সাহাই ২০১৫ চনৰ পৰাই জৈৱিক পদ্ধতিৰে “বসুন্ধৰা টি ফেক্টৰিত” প্ৰথমে জৈৱিক পদ্ধতিৰে গ্ৰীন টী, পিছত ব্লু টীকে ধৰি বৰ্তমান ১৬টাতকৈ অধিক প্ৰকাৰৰ জৈৱিক চাহ তৈয়াৰ কৰি এই চাহ দেশৰ লগতে বিদেশলৈও প্ৰেৰণ কৰিছে ৷

৫০ বিঘা ভূমিত জৈৱিক পদ্ধতিৰে চাহ খেতি কৰা অনুজ সাহাই উৎপাদিত চাহ সমূহ “বসুন্ধৰা টী” নামেৰে নামকৰণ কৰি নিজৰেই এটি ক্ষুদ্ৰ চাহ ফেক্টৰীত ভিন্ন সোৱাদৰ চাহ তৈয়াৰ কৰে৷ এইজন যুৱকৰ ফেক্টৰীত জৈৱিক চাহ ক্ৰমে গ্ৰীন টী, ব্লুটী, অৰ্থডক্স টী,অলং টী, মুৰিঙ্গা টী, হোৱাইট টী, ব্লেক টী তৈয়াৰ কৰা হয় বুলি জানিবলৈ দিয়ে অনুজ সাহাই৷ জৈৱিক চাহ উৎপাদনৰ ক্ষেত্ৰত অনুজ সাহাৰ বসুন্ধৰা টী ফেক্টৰীয়ে ২০১৭ বৰ্ষত টী কনক্লেভ এণ্ড এক্সপ’ত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷

উল্লেখ্য যে অনুজ সাহাই প্ৰথমবাৰৰ বাবে বিগত কেইমাহমান পূৰ্বে অপৰাজিতা ফুলৰ সংমিশ্ৰণেৰে সৃষ্টি কৰিছিল ব্লু টী৷ কিন্তু পৰ্যায়ক্ৰমে ব্লু টীৰ চাহিদা আৰু সমাদৰ সমগ্ৰ ৰাজ্যত বৃদ্ধি পায়৷ অনুজ সাহাৰ ভিন্ন সোৱাদৰ চাহ ২০১৭ বৰ্ষৰ পৰাই ডুবাই, ওমান, আৰৱ আদি ঠাইলৈ ৰপ্তানী কৰাৰ লগতে দিল্লী, মুম্বাই, পুনে আদি ঠাইলৈ ৰপ্তানী হয়। তলাবন্ধৰ মাজতো অনুজ সাহাই ভিন্ন সোৱাদৰ চাহ দেশ আৰু বিদেশলৈ ৰপ্তানী কৰি উপাৰ্জন কৰিছে৷

৫০বিঘা মাটিত জৈৱিক চাহ খেতি কৰি ক্ষুদ্ৰ চাহ উদ্যোগৰ জৰিয়তে অনুজে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি আন বহু লোকক ইয়াৰ দ্বাৰা কৰ্ম সংস্থাপন প্ৰদান কৰিছে৷ বৰ্তমান অনুজ অঞ্চলটোৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ ওপৰি বহুতৰ বাবে আদৰ্শৰ চানেকি দাঙি ধৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি