কোভিডত আক্ৰান্ত হৈ এজন নাপিতৰ মৃত্যুৰ পিছতে ৰঙিয়াত হাহাকাৰ, বিভিন্নজনে কটাইছিল চুলি

News18 Assam | News18-Assam
Updated:June 7, 2021, 8:49 AM IST
কোভিডত আক্ৰান্ত হৈ এজন নাপিতৰ মৃত্যুৰ পিছতে ৰঙিয়াত হাহাকাৰ, বিভিন্নজনে কটাইছিল চুলি
কিছুদিন পূৰ্বে ৰেপিড এণ্টিজেন টেষ্টত নাপিতগৰাকীৰ দেহত ধৰা পৰিছিল কোভিড-১৯ৰ অৱস্থিতি।

কিছুদিন পূৰ্বে ৰেপিড এণ্টিজেন টেষ্টত নাপিতগৰাকীৰ দেহত ধৰা পৰিছিল কোভিড-১৯ৰ অৱস্থিতি।

  • Share this:
কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৰঙিয়া নগৰৰ ভূটান বাছ ষ্টেণ্ডৰ এগৰাকী নাপিতৰ। উপেন্দৰ ঠাকুৰ (৪৯) নামৰ নাপিতজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে তাত চুলি কটোৱা লোকসকলৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

কিছুদিন পূৰ্বে ৰেপিড এণ্টিজেন টেষ্টত নাপিতগৰাকীৰ দেহত ধৰা পৰিছিল কোভিড-১৯ৰ অৱস্থিতি। বিভিন্ন লোকৰ চুলি কাটি কোভিড–১৯ত আক্ৰান্ত হোৱাৰ সন্দেহ নাপিতজন। কিছুদিন পূৰ্বে লোকজনক অসুস্থ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল কোভিড হাস্পতালত। অৱশেষত দেওবাৰে কোভিড হাস্পতালতে মৃত্যু হয় ৰঙিয়া নগৰৰ ভূটান বাছ ষ্টেণ্ডৰ নাপিতজনৰ। উল্লেখযোগ্য যে, ৰঙিয়াত বৰ্তমানলৈকে কোভিড-১৯ত আক্ৰান্ত হৈ ২৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা ১১৮৩ গৰাকী অতিক্ৰম কৰিলে।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 8:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি