অতি সম্প্ৰতি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল জড়িত শিশু-গৃহৰ পৰা শিশু অন্তৰ্ধান হোৱা ঘটনা আৰু সেই একে প্ৰতিষ্ঠানে আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠনৰে সাঙুৰ খাই থকা NGOৰ পৰা ধন লোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছত এইবাৰ মুখ খুলিছে স্বয়ং আজমলে। আজি মুম্বাই পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰী কৰি মৌলানা বদৰুদ্দিন আজমলে খণ্ডন কৰে সকলো অভিযোগ।
আজমলে কয় য়ে - ‘মই শিশু গৃহ পৰিচালনা কৰা সংগঠন মাৰ্কাজুল মাৰীফৰ প্ৰতিস্থাপক সভাপতি।কিন্তু ২০০৯ চনৰ পিছৰ পৰা মই সেই সংগঠনৰ কাম-কাজৰ সৈতে জড়িত নহয়।“ তেওঁ লগতে কয় -‘ শিশু নিখোজ তথা শিশু-গৃহই বিশ্ব সন্ত্ৰাসবাদৰ লগত জড়িত NGOৰ পৰা ধন সংগ্ৰহৰ কৰাৰ সৈতে তেওঁক জড়িত কৰা ঘটনা কল্পনাপ্ৰসূত আৰু ৰাজনৈতিক ভাৱে উদেশ্যপ্ৰনোদিত।
প্ৰেছ বিজ্ঞপ্তিত ‘National Commission for Protection of Child Right’কো সমালোচনা কৰিলে মৌলানা বদৰুদ্দিন আজমলে। অনিয়ম সমূহ ঠিক কৰাৰ বিপৰীতে চৰকাৰী প্ৰতিষ্ঠানটোৱে নিৰীক্ষণৰ প্ৰতিবেদন সংবাদ মাধ্যমক দিয়াত ক্ষুদ্ধ হৈ পৰে AIUDFৰ সাংসদ গৰাকী। সংবাদ মাধ্যমকো তেনে বাতৰি পৰিবেশন নকৰিবলৈ আহ্বান জনাই আজমলে; কাৰণ তেনে বাতৰিয়ে সমাজত তেওঁৰ ভাবমূৰ্তি ম্লান কৰিছে।
উল্লেখযোগ্য যে, মাৰ্কাজুল মাৰীফ নামৰ প্ৰতিষ্ঠানটোৱে অসম আৰু মণিপুৰত ৬টা শিশু-গৃহ চলাই আছে । তাৰে এটা শিশু-গৃহই অল-কাইদাৰে জড়িত আন্তৰ্জাতিক NGOৰ পৰা ধন লাভ কৰাৰ তথ্য NCPCR হাতত পৰা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল । আনহাতে মাৰ্কাজুল মাৰীফৰ ৱেবচাইটত উল্লেখ কৰা মতে এই সমূহ শিশু-গৃহত ১০৮০জন আৱাসী আছে। কিন্তু NCPCRৰ নিৰীক্ষণত ৭৭৮জন শিশুহে পোৱা গৈছে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|