অসমৰ পৰা বৰাক উপত্যকাক বিচ্ছিন্ন কৰিব লাগে বুলি ড০ নগেন শইকীয়াৰ কৰা মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত এইবাৰ মুখ খুলিছে আলফা(আই)ৰ সভাপতি পৰেশ বৰুৱাই।
ড° নগেন শইকীয়াক কঠোৰ সমালোচনা ULFA-Iৰ সভাপতিৰ পৰেশ বৰুৱাৰ ৷ পৰেশ বৰুৱাই কয় যে, 'মূৰৰ বিষ হ'লেই মূৰটো কাটি পেলাব নেকি? ড° শইকীয়াৰ মন্তব্য অতি জঘন্য ৷ ড° শইকীয়াৰ দৰে গণ্যমান্য ব্যক্তিয়ে এনে মন্তব্য কৰিব নালাগে ৷ নিজৰ মন্তব্যতে তেওঁ গৰিমা ম্লান কৰিছে ৷ ড° শইকীয়াই অসমবাসীৰ ওচৰত ক্ষমা খোজক ৷ প্ৰদীপ দত্ত ৰায়ৰ কোনো অৰিহনা নাই ৷ দত্ত ৰায়ৰ কথা মতেই নচলিব ৷ বৰাকত অসমীয়া চলিবই ৷ বাংলা ভাষা সহযোগী ভাষাহে ৷ কাছাৰ কছাৰী ৰজাৰ ৰাজত্ব আছিল ৷ কাছাৰক আমি বাংলা ভাষীৰ হাতত এৰি নিদিও লাগিলে কছাৰী, মণিপুৰীয়ে ৰাজত্ব কৰিব ৷ সাতভনীৰ হ'ব পাৰে কিন্ত বঙালীৰ হ'ব নোৱাৰে ৷ কাছাৰত আমি WESEAৰ ৰাজধানী পাতিম ৷'
উল্লেখ্য যে, শেহতীয়াকৈ বৰাকত চলিছে অসমীয়া ভাষা হটাও অভিযান। অসমীয়া ভাষাত লিখা চৰকাৰী বেনাৰত ক'লা ৰং সানি বৰাক উপত্যকাত কোনো পধ্যেই অসমীয়া ভাষাক মানি নোলোৱাৰ হুংকাৰ দিছে বাঙালী সংগঠনে। আনকি অসমীয়া জাতীয়তাবাদকো তুচ্ছ তাচ্ছিল্ল কৰিছে সংগঠন কেইটাই। যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বৃহত্তৰ অসমীয়া জাতি। তাৰ মাজতে শুকুৰবাৰে ভাষা ৰক্ষাৰ স্বাৰ্থত বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰিছিল বৰেণ্য সাহিত্যিক ড০ নগেন শইকীয়াই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|