• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰাক উপত্যকাত বন্ধৰ আহ্বান বৰাক ডেমক্ৰেটিভ ফ্ৰন্টৰ

বৰাক উপত্যকাত বন্ধৰ আহ্বান বৰাক ডেমক্ৰেটিভ ফ্ৰন্টৰ

বৰাকৰ নিবনুৱাৰ প্ৰতি বৈষম্য আৰু শ্বিলংত বঙালী নিৰ্যাতনৰ প্ৰতিবাদত বৰাক ডেমক্ৰেটিভ ফ্ৰন্টে এই বৰাক বন্ধৰ আহ্বান কৰিছে

  • Share this:
অহা ১৮ নৱেম্বৰত বৰাকত ১২ ঘন্টীয়া বন্ধ ৷ বিডিএফ -এ ১৮ নৱেম্বৰ তাৰিখে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বৰাক বন্ধৰ আহ্বান কৰিছে ৷ বৰাকৰ নিবনুৱাৰ প্ৰতি বৈষম্য আৰু শ্বিলংত বঙালী নিৰ্যাতনৰ প্ৰতিবাদত এই বৰাক বন্ধৰ আহ্বান কৰিছে বৰাক ডেমক্ৰেটিভ ফ্ৰন্টে ৷ বিডিএফ নেতা প্ৰদীপ দত্ত ৰয়ে সংবাদ মেলত এই বন্ধৰ কথা ঘোষণা কৰিছে ৷

ইয়াৰোপৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বৰাকৰ প্ৰতি বৈষম্য কৰা হৈছে বুলি প্ৰদীপ দত্তই অভিযোগ কৰিছে ৷ উল্লেখ্য যে দুই পদৰ নিযুক্তি পৰীক্ষাত বৰাকত তিনি শতাংশ নিবনুৱায়ো স্থান পোৱা নাই ৷ অথচ এপিএছছিত বৰাকৰ মেধাবী সকল জিলিকিছে ৷ লগতে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি স্থানীয় যুবক যুৱতীক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল বুলি অভিযোগ কৰিছে প্ৰদীপ দত্তই ৷ এতিয়া এনে বৈষম্য কৰা হ’ল বুলি বিডিএফ নেতা গৰাকীৰ অভিযোগ কৰে৷ আনহাতে, কেইদিন পূৰ্বে এটা সমদলত শ্বিলংত বঙালী সকলৰ ওপৰত চলা নিৰ্যাতনৰ প্ৰতিবাদতো এই বন্ধৰ অনত্যম ইস্যু বুলি প্ৰদীপে জনাই ৷
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি