৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত অচল হ’ব বেংক সেৱা

News18 Assam | News18-Assam
Updated:January 29, 2020, 3:16 PM IST
৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত অচল হ’ব বেংক সেৱা
১১, ১২, ১৩ মাৰ্চত তিনিদিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী আৰু ১ এপ্ৰিলৰ পৰা পালন কৰিব অনিৰ্দিষ্টকালীন ধৰ্মঘট।

১১, ১২, ১৩ মাৰ্চত তিনিদিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী আৰু ১ এপ্ৰিলৰ পৰা পালন কৰিব অনিৰ্দিষ্টকালীন ধৰ্মঘট।

  • Share this:
২০১৭ চনৰ পৰা বেংকৰ কৰ্মচাৰী আৰু বিষয়াই পাবলগীয়া সংশোধিত দৰমহা আদায় দিয়াৰ ক্ষেত্ৰত ইণ্ডিয়ান বেংকছ এছ’চিয়েচন (IBA)এ প্ৰদৰ্শন কৰা অহেতুক বিলম্বৰ বাবে বেংক ইউনিয়ন ঐক্য মঞ্চই ঘোষণা কৰিছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী। এই আন্দোলনৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়াব কেইবাটাও বেংকৰ বিষয়া–কৰ্মচাৰীয়ে।

IBA-ৰ অনমনীয় স্থিতিৰ বাবে বেংক ইউনিয়ন ঐক্যমঞ্চই অহা ৩১জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত পালন কৰিব ধৰ্মঘট। ১১, ১২, ১৩ মাৰ্চত তিনিদিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী আৰু ১ এপ্ৰিলৰ পৰা পালন কৰিব অনিৰ্দিষ্টকালীন ধৰ্মঘট।

এই সময়ছোৱাত ৰাজ্যত বেংকসেৱা অচল হৈ পৰিব বুলি মন্তব্য কৰে মঞ্চই। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে বেংক ইউনিয়ন ঐক্য মঞ্চৰ আহ্বায়ক প্ৰদীপ কুমাৰ বৈশ্যই।
আৰু চাওক
পৰৱৰ্তী বাতৰি