জৰুৰী কাম থাকিলে আজিয়ে কৰি লওক! কাইলৈ সমগ্ৰ দেশজোৰা বেংক ধৰ্মঘট

বেংক একত্রীকৰণৰ প্রতিবাদত ধৰ্মঘটৰ কাৰণে সমস্যাৰ সন্মুখীন হ’ব পাৰে গ্ৰাহক।

News18-Assam
Updated:October 21, 2019, 1:02 PM IST
জৰুৰী কাম থাকিলে আজিয়ে কৰি লওক! কাইলৈ সমগ্ৰ দেশজোৰা বেংক ধৰ্মঘট
বেংক একত্রীকৰণৰ প্রতিবাদত ধৰ্মঘটৰ কাৰণে সমস্যাৰ সন্মুখীন হ’ব পাৰে গ্ৰাহক।
News18-Assam
Updated: October 21, 2019, 1:02 PM IST
আপোনাৰ যদি বেংকত কিবা জৰুৰী কাম আছে তেনেহ’লে আজিয়ে কৰি লওক অন্যথা কাইলৈৰ দিনটোত আপুনি বেংকৰ কাম কৰাৰ সুযোগ লাভ নকৰে। বেংক একত্ৰীকৰণৰ প্ৰতিবাদত পুনৰ ধৰ্মঘটৰ বাবে সাজু হৈছে বেংক কৰ্মচাৰীৰ সংগঠনসমূহ। মঙলবাৰে পুনৰ দেশজোৰা বেংক ধৰ্মঘটৰ আহ্বান দিছে বেংক কৰ্মচাৰীসকলৰ তিনিটা সংগঠনে। ইণ্ডিয়া বেংক এমপ্লয়ইজ এছোছিয়েশ্যন, বেংক এমপ্লয়ইজ এছোছিয়েশ্যন অফ ইণ্ডিয়া আৰু অল ইণ্ডিয়া ট্ৰেড য়ুনিয়ন কংগ্ৰেছ নামৰ এই তিনিটা সংগঠনে একেলগে এই ধৰ্মঘটৰ আহ্বান দিছে। সপ্তাহটোৰ দ্বিতীয়টো দিনটোতেই বেংকৰ ধৰ্মঘটৰ ফলত গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১০টা ৰাষ্ট্ৰীয়কৃত বেংকৰ একত্ৰীকৰণৰ জৰিয়তে ৪টা বেংকলৈ ৰূপান্তৰিত কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ ফলত ওৰিয়েন্টেল বেংক অফ কমাৰ্ছ, য়ুনাইটেড বেংক, এলাহাবাদ বেংক, ইণ্ডিয়ান বেংক সুকীয়া হৈ নাথাকে। তদুপৰি, কানাড়া বেংক, ছিণ্ডিকেট বেংক আৰু য়ুনিয়ন বেংক তথা অন্ধ্ৰ বেংকো চামিল হৈ যাব। চাকৰি হেৰুৱা আৰু অন্যান্য কাৰণত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ এই ঘোষণাৰ প্ৰতিবাদত বেংকৰ কৰ্মচাৰী সংগঠনকেইটা প্ৰতিবাদত নামি পৰিছে। অৱশ্যে, ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা জানিব দিয়া মতে ধৰ্মঘটৰ আহ্বান দিয়া সংগঠন তিনিটাৰ মাজত এছ বি আইৰ কৰ্মচাৰী অতি কম সংখ্যকহে আছে। অৰ্থাৎ এছ বি আইৰ শাখাসমূহত ধৰ্মঘটৰ বিশেষ প্ৰভাৱ পৰাৰ আশংকা কম।
আৰু চাওক পৰৱৰ্তী বাতৰি