உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নলবাৰীত হিন্দী চিনেমাৰ কায়দাৰে বেংক ডকাইতি, জধে–মধে গুলীচালনা কৰি লুটি নিলে প্ৰায় ৭০ লাখ টকা

    নলবাৰীত হিন্দী চিনেমাৰ কায়দাৰে বেংক ডকাইতি, জধে–মধে গুলীচালনা কৰি লুটি নিলে প্ৰায় ৭০ লাখ টকা

    গ্ৰাহকৰ ৰূপত বেংকৰ ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দল। দুখন  বাইকত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো।

    গ্ৰাহকৰ ৰূপত বেংকৰ ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দল। দুখন  বাইকত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো।

    গ্ৰাহকৰ ৰূপত বেংকৰ ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দল। দুখন  বাইকত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো।

    • Share this:
    নলবাৰীত চাঞ্চল্যকৰ ডকাইতি। দিন দুপৰতে হিন্দী চিনেমাৰ কায়দাৰে ডকাইতে লুটপাত চলালে বেংকত। গ্ৰাহকৰ উপস্থিতিতে বেংকত সন্ত্ৰাস চাৰিজনীয়া ডকাইত দলৰ। দিন দুপৰতে বেংকৰ পৰা লুটি নিলে প্ৰায় ৭০ লাখ টকা। নলবাৰীৰ অময়াপুৰস্থিত পঞ্জাব  নেচনেল বেংকত আজি দুপৰীয়া  সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা।

    গ্ৰাহকৰ ৰূপত বেংকৰ ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দল। দুখন  বাইকত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো। চাৰিজনীয়া ডকাইতৰ দলে বেংকৰ ভিতৰত তিনি জাঁই গুলীচালনা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। লগে লগেই  হাহাকাৰ লাগে বেংকৰ ভিতৰত। হিন্দী ভাষাত কথা কৈছিল ডকাইতৰ দলে। ভিতৰত প্ৰৱেশ কৰিয়েই মধে গুলীচালনা কৰাত নয়ন দাস নামৰ এজন গ্ৰাহকৰ ভৰিত লাগে পিষ্টলৰ গুলী। আহত নয়ন দাসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰা হৈছে।

    ইয়াৰ পিছতে বেংকৰ বিষয়াক ধমক দি কেছ কাউণ্টাৰৰ পৰা লুটি নিলে প্ৰায় ষাঠীৰ পৰা সত্তৰ লাখ টকা। টকা লৈয়ে তৰিৎ গতিত উধাও হয় ডকাইতৰ দলটো। লুটি নিয়া টকাৰ পৰিমাণ এতিয়ালৈকে সঠিককৈ জনিব পৰা হোৱা নাই। নলবাৰীত এইদৰে দিন দুপৰতে বেংক ডকাইতিৰ ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি  হৈছে। নলবাৰীৰ আৰক্ষী অধীক্ষক অমনজিত কৌৰৰ চুড়ান্ত অমনোযোগিতাৰ বাবেই নলবাৰীত এতিয়া আৰক্ষী অস্তিত্বহীন হৈ পৰিছে অভিযোগ কৰে একাংশ লোকে। ঘটনা সংঘটিত হোৱাৰ প্ৰায় ডেৰ ঘণ্টা পিছতহে  ঘটনাস্থলীত উপস্থিত হয় নলবাৰীৰ আৰক্ষী অধীক্ষক অমনজিত কৌৰ।
    Published by:Sanjay Kumar Das
    First published: