কোৰোণা সংকটৰ মাজত সমগ্ৰ দেশতে বেংকৰ কামৰ সময় হ্ৰাস কৰা হৈছে। বেংকসমূহত বৰ্তমান দিনে মাত্ৰ ৪ ঘণ্টাকৈ কাম কৰি থকা হৈছে। সেয়েহে, আপুনি বেংকলৈ (SBI) যোৱাৰ আগতে, এই সময়ত বেংকত কি কি কাম কৰিব পাৰে সেয়া নিশ্চয়কৈ জানি লওক। আপুনি বেংকলৈ যোৱাৰ পিছত যদি তাত আপোনাৰ কাম নহয়, তেতিয়া আপোনাৰ সময়ৰ অপচয় হ’ব। গতিকে তাৰ আগতে আজিকালি বেঙ্কত কি কি কাম কৰা হৈছে জনাটো গুৰুত্বপূৰ্ণ।
ষ্টেট লেভেল বেংকাৰ কমিটী (SLBC)এ জাৰি কৰা নিৰ্দেশনাৰ অধীনত বেংকবোৰক কেৱল দুপৰীয়া ২ বজালৈকে কাম কৰাৰ অনুমতি দিয়া হৈছে। বৰ্তমান বেংকৰ শাখাবোৰ পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ খোলা থাকে।
SBIৰ টুইট
SBIএ এই বিষয়ে টুইট কৰিছিল। বেংকে জনাইছে যে কোৰোণাৰ দ্বিতীয় ঢৌৰ বাবে, বেংকবোৰত কেৱল প্ৰয়োজনীয় কাম কৰি থকা হৈছে। ইয়াত টকা জমা কৰা, উইড্ৰ' কৰাৰ উপৰি চেক সম্পৰ্কীয় কাম অন্তৰ্ভুক্ত কৰা হৈছে।
SBI গ্ৰাহকসকলে এই সময়ত কেৱল এই ৪ টা কাম কৰিব পাৰে:
>> টকা জমা কৰা আৰু উইড্ৰ' কৰা
>> চেক সম্পৰ্কীয় কাম
>> DD বা ডিমাণ্ড ড্ৰাফ্ট/ RTGS/NEFT সম্পৰ্কীয় কাম
>> চৰকাৰী চালান
গ্ৰাহকসকলক ড’ৰষ্টেপ বেংকিং সুবিধা আগবঢ়োৱা হৈছে
গ্ৰাহকসকলে যাতে ধন জমা কৰা আৰু উলিওৱাত কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে। আপুনি চৰকাৰী কাম-কাজ আৰু ৰেমিটেঞ্চ সেৱাৰ সুবিধাও ল'ব পাৰে। কোৰোণা সংকটৰ প্ৰতি লক্ষ্য ৰাখি, দেশৰ বহুতো বেংকে গ্ৰাহকসকলক ড’ৰষ্টেপ বেংকিং সুবিধাও আগবঢ়াইছে।
কৰ্মচাৰীসকলে ৰ’টেচন আধাৰত কাৰ্যালয়লৈ আহিব পাৰে
বেঙ্কবোৰে তেওঁলোকৰ কৰ্মচাৰীসকলক ৰ’টেচন আধাৰত কৰ্মক্ষেত্ৰলৈ মাতিব পাৰে, কিন্তু বেঙ্কত অত্যধিক ভিৰ নোহোৱাটো নিশ্চিত কৰিব লাগিব। লগতে প্ৰয়োজন হ'লে, কৰ্মচাৰীসকলে ঘৰৰ পৰাও কাম কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|