নগাঁৱৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত কিষাণ ক্ৰেডিট কাৰ্ডৰ নামত ভয়ংকৰ জালিয়তি ৷ ৪১৮ টা ভুৱা একাউন্ট খুলি বেংক বিষয়াই লুটিলে ২ কোটি টকা ৷ কৃষকৰ ঋণৰ ধন আত্মসাৎ কৰি অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ হাতত গ্ৰেপ্তাৰ হল চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰৱন্ধক ৷
২০০৯ ৰ পৰা ২০১৬ চনৰ ভিতৰত নগাঁৱৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ শাখাত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী ৷ কেন্দ্ৰীয় চৰকাৰৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ ভুৱা হিতাধিকাৰীৰ নামত বেংকৰ বিষয়াই লুন্ঠন কৰিলে প্ৰায় ২ কোটি টকা ৷ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ কৃষি ক্ষেত্ৰ বিষয়া দিপামনি দাস, জ্যেষ্ঠ প্ৰৱন্ধক প্ৰফুল্ল দাস আৰু প্ৰৱন্ধক সৌমিত্ৰ চৌধুৰীয়ে ২০০৯ ৰ পৰা ২০১৬ চনৰ ভিতৰত ভুৱা হিতাধীকাৰীৰ একাউন্ট খুলি ঋণ প্ৰদান কৰা দেখুৱাইছিল ৷
সেই সময়চোৱাত বেংক বিষয়াৰ দলটোৱে জালিয়াতিৰে বেংকৰ পৰা উলিয়াই নিছিল ১ কোটি ৭৬ লাখতকৈ অধিক টকা ৷ ২০১৮ চনত বেংকৰ মাণ্ডলিক কাৰ্যালয়ে কেলেংকাৰীৰ তদন্তৰ বাবে অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থা চমুকৈ BIEOক এজাহাৰ দাখিল কৰিছিল ৷ BIEO য়ে এজাহাৰ ভিত্তিত আৰম্ভ কৰা তদন্তত পোহৰলৈ আহিছিল কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ধন একাংশ বেংক বিষয়াই লুণ্ঠন কৰাৰ তথ্য।
তদন্তৰ অন্তত ২০১৯ চনৰ ২৭ মে তাৰিখে BIEOয়ে গ্ৰেপ্তাৰ কৰিছিল বেংকটোৰ কৃষি ক্ষেত্ৰ বিষয়া দিপামনি দাসক ৷ ২০১৯ চনৰ ২৬ আগষ্টত গ্ৰেপ্তাৰ হৈছিল আন এজন অভিযুক্ত বেংক বিষয়া প্ৰফুল্ল দাসক ৷ কিন্তু তেতিয়াৰ পৰা প্ৰায় ডেৰ বছৰ পলাতক অৱস্থাত আছিল বেংকটোৰ প্ৰৱন্ধক সৌমিত্ৰ চৌধুৰী ৷ কৃষকৰ নামত ভুৱাকৈ খোলা ৪১৮ একাউণ্টৰ ১৫০ টা একাউণ্ট অকলেই চলাইছিল সৌমিত্ৰ চৌধুৰীয়ে ৷ আৰু একাউণ্টৰ ঋণ দিছিল ৫০ হাজাৰ টকাকৈ ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 14, 2020, 19:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।