• Home
  • »
  • News
  • »
  • assam
  • »
  • Covidৰ সময়ত সমস্যাত পৰা লোকসকলক "ঋণ প্ৰসাৰ কাৰ্যসূচী"ৰ অধীনত ২৭ অক্টোবৰৰ পৰা বেংকসমূহে প্ৰদান কৰিব ঋণ !

Covidৰ সময়ত সমস্যাত পৰা লোকসকলক "ঋণ প্ৰসাৰ কাৰ্যসূচী"ৰ অধীনত ২৭ অক্টোবৰৰ পৰা বেংকসমূহে প্ৰদান কৰিব ঋণ !

আত্মনিৰ্ভৰ পেকেজৰ অন্তৰ্গত বিভিন্ন ঋণ আঁচনিৰ যোগেদি এক বৃহৎ সংখ্যক ঋণী গ্ৰাহকক সামৰি ল'ব।

আত্মনিৰ্ভৰ পেকেজৰ অন্তৰ্গত বিভিন্ন ঋণ আঁচনিৰ যোগেদি এক বৃহৎ সংখ্যক ঋণী গ্ৰাহকক সামৰি ল'ব।

আত্মনিৰ্ভৰ পেকেজৰ অন্তৰ্গত বিভিন্ন ঋণ আঁচনিৰ যোগেদি এক বৃহৎ সংখ্যক ঋণী গ্ৰাহকক সামৰি ল'ব।

  • Share this:
সমাজৰ  সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নত বেংক ঋণৰ এক উল্লেখযোগ্য  ভূমিকা  আছে, ই কেৱল  ব্যৱসায়  সম্প্ৰসাৰণৰ ক্ষেত্ৰত  হে যে উপযোগী  এনে নহয়, কৰ্মসংস্থাপন সৃষ্টিৰ জৰিয়তে ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ বিকাশতো এক উল্লেখযোগ্য আহিলা ৰূপে বিবেচিত  হয়।কভিড ১৯ ৰ মহামাৰীৰ গ্ৰাসত দেশৰ প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানেই কম বেছি পৰিমাণে  ক্ষতিগ্ৰস্ত হৈছে। এনে এক সন্ধিক্ষণত বেংক ব্যৱস্থাই আত্মনিৰ্ভৰ পেকেজৰ অন্তৰ্গত বিভিন্ন ঋণ আঁচনিৰ যোগেদি এক বৃহৎ সংখ্যক  ঋণী গ্ৰাহকক সামৰি লয়। ক্ৰমান্বয়ে অৰ্থ নৈতিক সুস্থিৰতা বিৰাজ কৰাৰ ফলত এক আশাৰ  ৰেঙনি দৃশ্যমান হবলৈ ধৰাৰ মূহুৰ্ততে বেংক সমুহে অধিক হিতাধিকাৰীক সামৰি লোৱাৰ  উদ্দেশ্যে "ঋণ প্ৰসাৰ কাৰ্য্যসূচী "ৰ জৰিয়তে  ঋণ প্ৰদানৰ প্ৰয়োজনীয়তা আহি পৰে।

এই উদ্দেশ্য  আগত ৰাখি কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ নৈতিক পৰিক্ৰমা বিভাগ আৰু বিত্তীয় মন্ত্ৰালয়ে এই উৎসৱৰ বতৰত বেংকসমূহক "ঋণ প্ৰসাৰ কাৰ্য্যসূচী "ৰ নিৰ্দেশনা প্ৰদান কৰে। উক্ত নিৰ্দেশনাৰ  সফল ৰূপায়ণৰ অৰ্থে নীতি নিৰ্ধাৰণ কৰিবলৈ ২২ অক্টোবৰ  তাৰিখে কামৰূপ মহানগৰ  জিলাৰ উপায়ুুক্ত বিশ্বজিত পেগুৰ অধ্যক্ষতাত এই জিলাত কাৰ্য্যনিৰ্বাহ  কৰি থকা সকলো বেংকৰ মুৰব্বী বিষয়া বৰ্গৰ উপস্থিতিত এখনি  সভাৰ আয়োজন  কৰা হয়। এই সভাতে অহা ২৭ অক্টোবৰ  বুধবাৰে পুৱা দহ বজাৰ পৰা সন্ধিয়া  পাঁচ  বজাৰ ভিতৰত গুৱাহাটীৰ মাছখোৱা ত অৱস্থিত আই টি এ প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ  জিলাৰ অগ্ৰণী বেংক বিষয়া ৰ কাৰ্য্যালয়ৰ সহযোগিতা ত কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্ভুক্ত  সমূহ বেংকৰ সক্ৰিয় অংশগ্ৰহণৰে  এক "ঋণ প্ৰসাৰ  কাৰ্য্যসূচী" ৰ ৰূপায়ণৰ সিদ্ধান্ত  গ্ৰহণ কৰে। এই কাৰ্যসূচীত মূলতঃ ক্ষুদ্ৰ ঋণগ্ৰহীতা সকলক আত্মসহায়ক গোট, প্ৰধান মন্ত্ৰীৰ  মুদ্ৰা যোজনা, আত্ম নিৰ্ভৰ ভাৰত, পি এম স্বনিধি, প্ৰধানমন্ত্ৰীৰ স্বনিয়োজন যোজনা আদিকে ধৰি বিভিন্ন ৰাজ্যিক কল্যাণমূলক আঁচনিৰ জৰিয়তে  ঋণ প্ৰদানৰ ক্ষেত্ৰত  অগ্ৰাধিকাৰ দিব। প্ৰতিটো বেংকক উক্ত দিনাৰ কাৰ্য্যসূচীৰ বাবে নিজাকৈ ঋণ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়।বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত ইতিমধ্যেই দেখুৱাই অহা পাৰদৰ্শিতা আৰু সক্ৰিয় অংশগ্ৰহণে অতি কমেও দুশৰ পৰা আঢ়ৈশ কোটিৰ ঋণ প্ৰদানৰ লগতে অধিক কৰ্মসংস্থাপন ৰ ক্ষেত্ৰতো  অৰিহণা যোগাব বুলি উপায়ুক্তই আশ প্ৰকাশ কৰে। উল্লেখযোগ্য  যে এনে ধৰণৰ কাৰ্যসূচী  অহা ৩১.১০.২০২১ তাৰিখলৈকে অসমৰ প্ৰতিখন জিলাতে অনুস্থিত কৰা হব।
Published by:Kokil Sarma
First published: