বেংকত প্ৰয়োজনীয় কাম আছে যদি আজিয়েই কৰক, কাইলৈৰ পৰা চাৰিদিন বন্ধ, গুৱাহাটীত কিমান দিন?

অৱশ্যে দীপাৱলীৰ পিছত সোমবাৰ আৰু মঙলবাৰে দেশৰ কিছু চহৰত খোলা থাকিব বেংক।

News18-Assam
Updated:October 25, 2019, 8:26 AM IST
বেংকত প্ৰয়োজনীয় কাম আছে যদি আজিয়েই কৰক, কাইলৈৰ পৰা চাৰিদিন বন্ধ, গুৱাহাটীত কিমান দিন?
অৱশ্যে দীপাৱলীৰ পিছত সোমবাৰ আৰু মঙলবাৰে দেশৰ কিছু চহৰত খোলা থাকিব বেংক।
News18-Assam
Updated: October 25, 2019, 8:26 AM IST
যদি বেংকত প্ৰয়োজনীয়কাম আছে তেন্তে আজিৰ ভিতৰতে কৰাওক। কিয়নো কাইলৈৰ পৰা দেশৰ একাংশ চহৰত চাৰিদিন ধৰি বন্ধ থাকিব বেংক। এই সপ্তাহত শনিবাৰে দেশজুৰি বন্ধ থাকিব বেংক। কাৰণ কাইলৈ মাহটোৰ চতুৰ্থ শনিবাৰ। তাৰ পিছত পৰিব দেওবাৰ। দেওবাৰে দেশজুৰি পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী।

২৮ অক্টোবৰ অৰ্থাৎ সোমবাৰে গোৱৰ্ধন পূজাৰ বাবে বন্ধ থাকিব বেংক। দীপাৱলীৰ পিছত সোমবাৰে আগৰতলা, আহমেদাবাদ, বেলাপুৰ, দেৰাডুন, গেংটক, ইম্ফল, জয়পুৰ, কাণপুৰ, লক্ষ্ণৌ, মুম্বাই আৰু নাগপুৰত বন্ধ থাকিব বেংক সেৱা।

২৯ অক্টোবৰত ভাই দুজৰ বাবে বন্ধ থাকিব বেংক। এই দিনটোত বেংগালুৰু, গেংটক, কাণপুৰ আৰু লক্ষ্ণৌত বন্ধ থাকিব বেংকৰ কাম–কাজ।

সোমবাৰ আৰু মঙলবাৰে ক’ত খোলা থাকিব বেংক
অৱশ্যে দীপাৱলীৰ পিছত সোমবাৰ আৰু মঙলবাৰে দেশৰ কিছু চহৰত খোলা থাকিব বেংক। নতুন দিল্লী, পানাজী, পাটনা, ৰায়পুৰ, ৰাঁচী, শ্বিলং, চিমলা, শ্ৰীনগৰ, থিৰুৱনন্তপুৰম, আইজল, ভূপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দাৰাবাদ, জম্মু, কোচি আৰু কলকাতাত খোলা খোলা থাকিব বেংক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি