গুৱাহাটীত বাংলাদেশী যুৱক আটক। পল্টনবজাৰ থানাই আটক কৰিছে ব্যক্তিজনক। ব্যক্তিজনৰ নাম আব্দুল আমিন লতাৰ।
আৰক্ষীৰ আগত তেওঁ স্বীকাৰোক্তি দিয়া মতে, বাংলাদেশৰ চুমনগঞ্জ জিলাৰ বাসিন্দা লোকজনে নগাঁৱৰ বেচামাৰীৰ ঠিকনাৰে নকল আধাৰ কাৰ্ড বনাইছিল।
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি নকল আধাৰকাৰ্ড তথা নথিপত্ৰ বনাই লোকজনে দিল্লী,কাশ্মীৰতো কাম কৰিছিল। কিন্তু অৱশেষত গ্ৰেপ্তাৰ হ'ল পল্টনবজাৰত। ভুৱা আডাৰ কাৰ্ড কোনে প্ৰস্তুত কৰি দিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য, বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ ৰাজ্যৰ লগতে দেশৰ ৰাজনৈতিক নেতাসকল সদাসৰৱ হৈ থকাৰ সময়তো এনেদৰে বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ থকাটো উদ্বেগৰ বিষয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|