মুখ্যপৃষ্ঠা »খবৰ »অসম »Jehadi in Assam : মৰিগাঁৱৰ মাদ্ৰাছাত জেহাদৰ শিক্ষা দিয়া হৈছিল ছাত্ৰ-ছাত্ৰীক, তালিবানৰ ভিডিঅ' পোৱা গৈছে মুস্তাফাৰ মোবাইলত

Jehadi in Assam : মৰিগাঁৱৰ মাদ্ৰাছাত জেহাদৰ শিক্ষা দিয়া হৈছিল ছাত্ৰ-ছাত্ৰীক, তালিবানৰ ভিডিঅ' পোৱা গৈছে মুস্তাফাৰ মোবাইলত

Jehadi in Assam : ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ দলে জমিউল হুদা মাদ্ৰাছাৰ ১৯ জন ছাত্ৰ-ছাত্ৰীক জেৰা কৰাৰ পিছতে অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে মাদ্ৰাছাৰ মুৰব্বী মুফতি মুস্তাফাক জেৰা কৰিছে আন এজন সন্দেহযুক্ত আৰক্ষীৰ জিম্মাত আছে।

Jehadi in Assam : ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ দলে জমিউল হুদা মাদ্ৰাছাৰ ১৯ জন ছাত্ৰ-ছাত্ৰীক জেৰা কৰাৰ পিছতে অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে মাদ্ৰাছাৰ মুৰব্বী মুফতি মুস্তাফাক জেৰা কৰিছে আন এজন সন্দেহযুক্ত আৰক্ষীৰ জিম্মাত আছে।

Jehadi in Assam : ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ দলে জমিউল হুদা মাদ্ৰাছাৰ ১৯ জন ছাত্ৰ-ছাত্ৰীক জেৰা কৰাৰ পিছতে অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে মাদ্ৰাছাৰ মুৰব্বী মুফতি মুস্তাফাক জেৰা কৰিছে আন এজন সন্দেহযুক্ত আৰক্ষীৰ জিম্মাত আছে।

  • Share this:
অসমত বাংলাদেশস্থিত আনছাৰ উল বাংলা টীম (Ansar Ul Bangla Team (ABT)ৰ মৰিগাঁও (Morigaon) মডিউল  অন্যতম গুৰুত্বপূৰ্ণ আৰু বিপজ্জনক সন্ত্ৰাস মডিউল হিচাপে পৰিগণিত হৈছে। অসম আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এতিয়ালৈকে উতখাত কৰা জেহাদী (Jehadi) কাৰ্যকলাপৰ ভিতৰত মৰিগাঁৱৰ মাদ্ৰাছাৰ ঘাটীয়ে সাবতোকৈ বিপদজনক বুলি প্ৰমাণ হৈছে। আজি জাগীৰোড-মৰিগাঁৱত জেহাদীৰ বিৰুদ্ধে অভিযানৰ বুজ লৈ এই তথ্য প্ৰকাশ কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (SDGP GP Singh)।

যোৱা ৩১ জুলাইত মৰিগাঁৱত আনছাৰ উল বাংলা মডিউলৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ দলে জমিউল হুদা মাদ্ৰাছা (Jamiul Huda Madarsa)ৰ ১৯ জন ছাত্ৰ-ছাত্ৰীক জেৰা কৰাৰ পিছতে অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে মাদ্ৰাছাৰ মুৰব্বী মুফতি মুস্তাফা (Mufti Mustafa)ক জেৰা কৰিছে আন এজন সন্দেহযুক্ত আৰক্ষীৰ জিম্মাত আছে।

‘এই পৰ্যন্ত তদন্ত সন্তোষজনক হৈছে। আনছাৰ উল বাংলাৰ ভূপাল এবিটি, ত্ৰিপুৰা আৰু বৰপেটা অভিযান (Bhopal ABT, Tripura and Barpeta)ৰ সৈতে এক উমৈহতীয়া সম্পৰ্ক আছে। বিত্তীয় লেনদেনৰ সংযোগ স্থাপন কৰা হৈছে। মুফতি মুস্তাফাৰ ইলেক্ট্ৰনিক ডিভাইচত জেহাদী প্ৰশিক্ষণ সামগ্ৰী পোৱা হৈছে। আমি এতিয়া বিচাৰোঁ যে মুফটিয়ে কিমানজন ছাত্ৰ-ছাত্ৰীক এই ভিডিঅ’বোৰ দেখুৱাইছিল আৰু এইবোৰে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কি প্ৰভাৱ পেলায়। মুস্তাফাই এই ভিডিঅ’সমূহ শ্বেয়াৰ কৰি আহিছে, য’ত তেওঁৰ মাদ্ৰাছাত ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা দিবলৈ তালিবানৰ অপাৰেচন আৰু প্ৰশিক্ষণৰ সমল আছে। আমি ৰাজ্যৰ আন মাদ্ৰাছাসমূহো পৰীক্ষা কৰি আছোঁ, অৱশ্যে ইয়াৰ বিষয়ে অধিক প্ৰকাশ কৰাটো কঠিন হ’ব।’- অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয়।

ইফালে সিঙে লগতে কয় যে আৰক্ষীৰ ৰাডাৰত আন আন মাদ্ৰাছা (Madrasa)ও আছে আৰু এবাৰ সেইবোৰৰ বিৰুদ্ধে প্ৰমাণ পোৱাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

জামিউল হুদা মাদ্ৰাছাৰ সৈতে দেশবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত নগাঁও জিলাৰ ধিঙৰ আন এখন মাদ্ৰাছা ছীল কৰা হৈছে। এবিটিৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ৩১ জুলাইত হানানুল ইছলাম নামৰ এজনক বৰপেটা আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ লগে লগে যোৱা চাৰিদিনত কেৱল বৰপেটা জিলাতে ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই স্পষ্ট কৰি দিছিল যে দুখন মাদ্ৰাছা ইতিমধ্যে ছীল কৰা হৈছে আৰু অধিক সংখ্যক মাদ্ৰাছাৰ ওপৰত নজৰ ৰখা হৈছে। “য’তেই আমি মাদ্ৰাছা আৰু ইয়াৰ শিক্ষকৰ বিৰুদ্ধে অভিযোগ পাইছোঁ, আমি নীতিগত সিদ্ধান্ত লৈছোঁ যে আমি সেইবোৰ বন্ধ কৰিম আৰু ছাত্ৰ-ছাত্ৰীসকলক ওচৰৰ এখন বিদ্যালয়লৈ যাবলৈ ক’ম। অসমত আমাৰ চৰকাৰী মাদ্ৰাছা নাই।”

মুখ্যমন্ত্ৰী শৰ্মাই জোৰ দি কয় যে চৰকাৰে ইতিমধ্যে ৭৫০খন মাদ্ৰাছা বন্ধ কৰি দিছে যদিও ধৰ্মীয় মাদ্ৰাছাসমূহ চলি আছে।

শনিবাৰে জেহাদী লিংকমেন মুফতি মুস্তাফা আহমেদৰ নগাঁও জিলাৰ ভেৰভেৰিস্থিত মাতৃৰ ককাকৰ ঘৰত অভিযান চলায় আৰক্ষীয়ে। পিছত ওচৰৰ আন এখন মাদ্ৰাছাত অভিযান চলায়। ভেৰভেৰি ছোৱালীৰ মাদ্ৰাছাৰ শিক্ষক আমিৰ আমজাক সোধা-পোছাৰ বাবে আটক কৰে আৰক্ষীয়ে।

মৰিগাঁও আৰক্ষীৰ তথ্য অনুসৰি ২০১৯ চনৰ পৰা বাংলাদেশী (Bangladeshi) নাগৰিকে মুফতি মুস্তাফাৰ ঘৰত আশ্ৰয় লৈ আহিছে।

শেহতীয়া বাতৰি