• Home
  • »
  • News
  • »
  • assam
  • »
  • Jihadi Modules in Assam : বাংলাদেশী জেহাদীৰ অসমৰ পত্নী জহুৰাৰ বিস্ফোৰক তথ্য, কেনেকৈ লগ পাইছিল আবু তালহাক, কিয় ব্যৱহাৰ কৰে ডাৰ্ক ৱেব ছফটৱেৰ?

Jihadi Modules in Assam : বাংলাদেশী জেহাদীৰ অসমৰ পত্নী জহুৰাৰ বিস্ফোৰক তথ্য, কেনেকৈ লগ পাইছিল আবু তালহাক, কিয় ব্যৱহাৰ কৰে ডাৰ্ক ৱেব ছফটৱেৰ?

 ভোটাৰ তালিকাতো নিজৰ নাম উঠাই লৈছিল বাংলাদেশী জেহাদী তথা আনছাৰুল্লাহ বাংলা টীমৰ নেতা আবু তালহাই

ভোটাৰ তালিকাতো নিজৰ নাম উঠাই লৈছিল বাংলাদেশী জেহাদী তথা আনছাৰুল্লাহ বাংলা টীমৰ নেতা আবু তালহাই

ভোটাৰ তালিকাতো নিজৰ নাম উঠাই লৈছিল বাংলাদেশী জেহাদী তথা আনছাৰুল্লাহ বাংলা টীমৰ নেতা আবু তালহাই

  • Share this:

অসমত জাল জেহাদীৰ পেলোৱা আনছাৰুল্লাহ বাংলা টীমৰ মৈৰাবাৰী মডুলৰ তদন্ত কৰি আৰক্ষীয়ে ধুবুৰীৰ বিলাসীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে মহিলা জেহাদীক। ধৃত মহিলাগৰাকী বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ জহুৰা খাতুন। কুৰি বছৰীয়া জহুৰা খাতুন ABTৰ শীৰ্ষ পৰ্যায়ৰ নেতা তথা বাংলাদেশী আবু তালহাৰ পত্নী। জহুৰা খাতুন বিলাসীপাৰাৰ AIUDFৰ গাঁও পঞ্চায়তৰ সভাপতিৰ জীয়ৰীও (Police Arrests Woman Linked to Bangladesh-based Terror Group ABT)।


আবু তালহাক কিদৰে লগ পাইছিল জহুৰা খাতুনে?
আবু তালহা মৈৰাবাৰীলৈ আহি মুফটি মুস্তাফাৰ লগ লাগিছিল। মুফটি মুস্তাফাৰ জমিউল হুদা মাদ্ৰাছাত থাকি জেহাদৰ বীজ সিঁচিছিল আবু তালহাই। তাৰ পিছতে ধুবুৰীলৈ গৈ বিলাসীপাৰাৰ নায়েৰ আলগা চৰত থাকিবলৈ লয়। তাতেই জহুৰা খাতুনৰ লগত পৰিচয় হয় আবু তালহাই। জহুৰা খাতুনক (Zahura Khatun) সন্মোহিত কৰি প্ৰেমৰ জালত ফচাই লয়।


প্ৰেমত ফচাই বিয়া পাতিছিল স্থানীয় যুৱতীক
আবু তালহাৰ (Abu Tallah) প্ৰেমত হাবুডুবু খোৱা জহুৰা খাতুনে আগপিচ নুগুণি আবু তালহাৰ সৈতে বিবাহত বহাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তৰ বিৰোধ কৰিছিল জহুৰা খাতুনৰ পিতৃ তথা AIUDFৰ স্থানীয় নেতাজনে। কিন্তু প্ৰেমত পৰা জহুৰা খাতুনে পিতৃৰ হকা–বাধা নুশুনি খুৰাকৰ ঘৰলৈ আহি বিয়াত বহে আবু তালহাৰ সৈতে। বিয়াৰ পিছতে আবু তালহে মৈৰাবাৰীলৈ লৈ আহে জহুৰাক। ছমাহৰ পিছতে অন্তঃসত্ত্বা হোৱা জহুৰা খাতুনক পিতৃৰ ঘৰলৈ পঠিয়াই দিয়ে আবু তালহাই। পিতৃৰ ঘৰত থকাৰ পিছতো মাহেকে–পষেকে জহুৰা খাতুনৰ ওচৰলৈ আহি আছিল আবু তালহা। ফোনেৰেও যোগাযোগ ৰাখিছিল জহুৰাৰ সৈতে।


মুফটি মুস্তাফা ধৰা পৰাৰ পিছতে জহুৰাই জ্বলাই দিয়ে ফোন
২৭ জুলাইত মুফটি মুস্তাফা ধৰা পৰাৰ পিছত আবু তালহাই জহুৰা খাতুনক ফোন কৰি ফোনত থকা সকলো তথ্য ডিলিট কৰিবলৈ কয়। তাৰ পিছতো সন্তুষ্ট নোহোৱাত ফোনটো জ্বলাই দিবলৈ কয় আবুৱে। আবু তালহাৰ কথা মতে জহুৰা খাতুনে জ্বলাই দিয়ে ফোনটো। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে জহুৰাৰ পৰা আধা জ্বলা ফোনটো উদ্ধাৰ কৰে।


জেহাদীসকলে যোগাযোগ কৰে ডাৰ্ক ৱেবৰ জৰিয়তে
বাংলাদেশৰ পৰা অহা জেহাদীয়ে প্ৰথমে মুছলমান লোক অধ্যুষিত অতি পিছপৰা অঞ্চলত থাকিবলৈ লয়। তাৰে কোনো যুৱতীক ফচাই লৈ বিয়া পাতি লয়। যাতে স্থানীয় লোক অথবা আন ঠাইত গ’৸লেও কোনেও বাংলাদেশী অথবা জেহাদী বুলি সন্দেহ নকৰে। এই জেহাদীসকলে যোগাযোগ কৰে ডাৰ্ক ৱেবৰ জৰিয়তে। ডাৰ্ক ৱেব এনে ছফটৱেৰ যাৰ জৰিয়তে টেলিফোন কৰিব পাৰি, কথাও পাতিব পাৰি। সেই ছফটৱেৰটো আন–ইনষ্টল কৰি দিলে সকলো তথ্য নোহোৱা হৈ যায়। ডাৰ্ক ৱেব ছফটৱেৰ ব্যৱহাৰ কৰিছিল আল–কায়দাৰ দৰে সন্ত্ৰাসবাদী সংগঠনেও। জহুৰা খাতুনকো জেহাদী আবু তালহাই প্ৰশিক্ষণ দিছিল ডাৰ্ক ৱেব ব্যৱহাৰৰ। সেই ডাৰ্ক ৱেবৰ জৰিয়তে আবু তালহাই যোগাযোগ ৰাখিছিল জহুৰাৰ সৈতে।


ঘাটি আছে পশ্চিমবংগত
পশ্চিম বংগৰ ২৪ পৰগনাত ঘাটি আছে আনছাৰুল্লাহ বাংলা টীমৰ (Ansarullah Bangla Team)। আল কায়দাৰ ভাৰতীয় উপ–মহাদেশৰ অংশস্বৰূপ আলছাৰুল্লাহ বাংলা টীমৰ বৃহৎসংখ্যক কেডাৰো আছে ২৪ পৰগনাত। এই ২৪ পৰগনাতে বহুদিন ধৰি আশ্ৰয় লৈ আছিল আবু তালহাই। তাৰ পৰাই অসমলৈ অহা বুলি বিভিন্ন ঠাইত পৰিচয় দিছিল আবু তালহাই। ২৪ পৰগনাৰ ভোটাৰ তালিকাতো নিজৰ নাম উঠাই লৈছে বাংলাদেশী জেহাদী তথা আনছাৰুল্লাহ বাংলা টীমৰ নেতা আবু তালহাই। আৰক্ষীয়ে এই সকলো তথ্য লাভ কৰাৰ পিছতে তদন্ত জোৰদাৰ কৰি তুলিছে।

Published by:Gautam Barman
First published: