ৰাজ্যত পুনৰ গণপ্ৰহাৰৰ ঘটনা। এইবাৰ গণপ্ৰহাৰত মৃত্যু বাংলাদেশী গৰু চোৰৰ। সোমবাৰে কৰিমগঞ্জৰ পুতনি চাহ বাগিছাত পুনৰ ঘটিল গণপ্ৰহাৰত মৃত্যু হোৱাৰ ঘটনা । গৰু চুৰিৰ অভিযোগত গণপ্ৰহাৰত মৃত্যু হোৱা লোকজনৰ নাম ৰুবেল মিঞা বুলি জানিব পৰা গৈছে । ৰুবেলৰ ঘৰ বাংলাদেশৰ মৌলভিবজাৰ জিলাৰ সোনাৰূপা চাহ বাগিছাত । কৰিমগঞ্জ জিলাৰ বিভিন্ন সীমান্ত এলেকাত বাংলাদেশী চোৰৰ দৌৰাত্ম্য সংক্ৰান্তীয় বাতৰি বহুবাৰ প্ৰকাশ পাইছে। কৰিমগঞ্জ সীমান্তত বাংলাদেশৰ পৰা অহা গৰু চোৰে দপদপাই থকাৰ বাতৰি সততে প্ৰকাশ পাই আহিছে। ইয়াৰ মাজতে পুতনি চাহ বাগিছাত আজি পুৱাৰ ভাগত পৰিচয়হীন এজন লোকক ঘুৰি ফুৰা দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত সেই লোকজনক আটক কৰি সোধা পোছা কৰিলে ওলাই আহে আচল তথ্য। লোকজনে জানিব দিয়া মতে, তেওঁৰ লগত আন এজন লোকে গৰু চুৰি কৰাৰ উদ্দেশ্যৰে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল। তেওঁলোকক স্থানীয় একাংশ লোকে এই কামত সহযোগ কৰিছিল।
বাংলাদেশী লোকজনৰ মুখত চাঞ্চল্যকৰ বক্তব্য শুনি স্থানীয় লোকে অভিযান চলাই পুতনি চাহ বাগিছাৰ দুজন স্থানীয় লোকৰ লগত আন এজন বাংলাদেশী গৰু চোৰক ধৰা পেলায় আৰু তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। গণপ্ৰহাৰত এজন বাংলাদেশী চোৰৰ মৃত্যু ঘটে । আটক হোৱা আনজন বাংলাদেশী গৰু চোৰৰ নাম মলোন মুণ্ডা , ঘৰ বাংলাদেশৰ মৌলভিবজাৰ জিলাৰ ছিলুয়া চাহ বাগিছাত। স্থানীয় ৰাইজে চোৰক সহায় কৰা পুতনি চাহ বাগিছাৰ প্ৰদীপ তান্তি আৰু উমাশংকৰ কৈৱৰ্ত নামৰ ব্যক্তিদুজনকো আটক কৰে ।
এই ঘটনাৰ পিছত স্থানীয় পঞ্চায়ত সভানেত্ৰীয়ে পাথাৰকান্দি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি আটক কৰা তিনিজন ব্যক্তিক আৰক্ষীৰ হাতত চমজাই দিয়ে। ইতিমধ্যে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীৱ কৃষ্ণাৰ নেতৃত্বত আৰক্ষীৰ দলে এই চাঞ্চল্যকৰ ঘটনাৰ তদন্ত কৰিছে। আৰক্ষীৰ জেৰাত ধৃত বাংলাদেশী চোৰে সকলো কথা স্বীকাৰ কৰি ৬ মাহ ধৰি গৰু চুৰ কৰি অহাৰ সৈ কাঢ়িছে। এই বাংলাদেশী চোৰ চক্ৰৰ চৰ্দাৰৰ নাম ইছলাম বুলি জনাইছে ধৃত চোৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|