কৰিমগঞ্জ সীমান্ত কুছিয়াৰা নৈ সাঁতুৰি ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ, বি এছ এফে ধৰি কৰিলে কি?

News18 Assam | News18-Assam
Updated:April 26, 2020, 2:13 PM IST
কৰিমগঞ্জ সীমান্ত কুছিয়াৰা নৈ সাঁতুৰি ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ, বি এছ এফে ধৰি কৰিলে কি?
সন্দেহজনক লোকজনক মাছমৰীয়া জনে কৰায়ত্ত কৰে। এনে সময়তে সীমান্তত পহৰাৰত বিএছএফ জোৱানসকলে তৎপৰ হৈ আটক কৰে লোকজনক।

সন্দেহজনক লোকজনক মাছমৰীয়া জনে কৰায়ত্ত কৰে। এনে সময়তে সীমান্তত পহৰাৰত বিএছএফ জোৱানসকলে তৎপৰ হৈ আটক কৰে লোকজনক।

  • Share this:
কৰিমগঞ্জ সীমান্তইদি কুছিয়াৰা নৈ সাঁতুৰি পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ। দেওবাৰে কৰিমগঞ্জ চহৰৰ দাসপট্টি অঞ্চলৰ এজন লোকে কুছিয়াৰা নৈত মাছ মাৰি আছিল। এনে সময়তে এজন লোকে বাংলাদেশৰ পৰা সাঁতুৰি কৰিমগঞ্জৰ দিশে আহি থকা প্ৰত্যক্ষ কৰে লোকজনে। সন্দেহজনক লোকজনক মাছমৰীয়া জনে কৰায়ত্ত কৰে। এনে সময়তে সীমান্তত পহৰাৰত বিএছএফ জোৱানসকলে তৎপৰ হৈ আটক কৰে লোকজনক।

কিন্তু বিএছএফে ঘটনাস্থলীলৈ সাংবাদিকক যোৱাত বাধা প্ৰদান কৰে। আনকি দূৰতে থাকিবলগীয়া হ’ল স্থানীয় আৰক্ষীও। আৰক্ষী, সাংবাদিকক কোনো তথ্য বা মন্তব্য দিয়াৰ পৰাও বিৰত থাকে সীমা সুৰক্ষা বাহিনী। অৱশ্যে সাংবাদিকৰ কেমেৰাত বন্দী হয় বিএছএফৰ তৎপৰতা।



সীমা সুৰক্ষা বাহিনীয়ে লোকজনক নৈৰ সিপাৰত অৰ্থাৎ বাংলাদেশত লৈ গৈ ব’ৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ সৈতে আলোচনা কৰি বাংলাদেশলৈ পঠিয়াই দিয়ে। সীমা সুৰক্ষা বাহিনীৰ বিষয়াই কোনো তথ্য সদৰি নকৰিলেও কৰিমগঞ্জ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অনুমান, বাংলাদেশী লোকজনক বিজিবিৰ লগত কথা পাতি বাংলাদেশক গতাই দিয়া হৈছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰিমগঞ্জত। কোৰোণাতংকৰ মাজতে দেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশীজনক কৰায়ত্ত কৰা স্থানীয় লোকজনক কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হোৱা নাই।
Published by: Sanjay Kumar Das
First published: April 26, 2020, 2:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading