স্বদেশীয়ে কান্দিছে, হাইলাকান্দিত NRCত নাম সোমাইছে বাংলাদেশীৰ

২০১৩ চনত বাংলাদেশৰ পৰা পাছপ’ৰ্ট লৈ ভাৰতত প্ৰৱেশ কৰা ফৰিদুল হুছেইন লস্কৰ নামৰ লোকজনৰ নাম সন্নিৱিষ্ট হ’ল চূড়ান্ত NRCত।

News18-Assam
Updated:September 8, 2019, 11:29 AM IST
স্বদেশীয়ে কান্দিছে, হাইলাকান্দিত NRCত নাম সোমাইছে বাংলাদেশীৰ
২০১৩ চনত বাংলাদেশৰ পৰা পাছপ’ৰ্ট লৈ ভাৰতত প্ৰৱেশ কৰা ফৰিদুল হুছেইন লস্কৰ নামৰ লোকজনৰ নাম সন্নিৱিষ্ট হ’ল চূড়ান্ত NRCত।
News18-Assam
Updated: September 8, 2019, 11:29 AM IST
সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিছে বহু বৈধ নাগৰিকৰ নাম। NRCক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। তাৰ মাজতে হাইলাকান্দিত বাংলাদেশী লোকৰ নাম NRCত অন্তৰ্ভুক্ত হোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। বাংলাদেশৰ পৰা পাছপ’ৰ্ট লৈ ভাৰতত প্ৰৱেশ কৰা এজন লোকৰ নাম অন্তৰ্ভুক্ত হ’ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত।

২০১৩ চনত বাংলাদেশৰ পৰা পাছপ’ৰ্ট লৈ ভাৰতত প্ৰৱেশ কৰা ফৰিদুল হুছেইন লস্কৰ নামৰ লোকজনৰ নাম সন্নিৱিষ্ট হ’ল চূড়ান্ত NRCত। ফৰিদুল হুছেইন লস্কৰ নামৰ এই লোকজনে ২০১৩ চনৰ ২১ ফেব্ৰুৱাৰীত আহিছিল ভাৰতলৈ। কিন্তু তাৰ পিছতো NRCত আহিছে ফৰিদুলৰ নাম। কিন্তু ইয়াৰ বিপৰীতে NRCৰ পৰা বাদ পৰিছে তেওঁৰ মাতৃ বেদন‍া বেগম লস্কৰৰ নাম। এই তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে হাইলাকান্দিত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি