অসমলৈ আহিয়ে আছে বাংলাদেশী, আৰক্ষীৰ জালত বাংলাদেশী আব্দুল খালেক

News18 Assam | News18-Assam
Updated:January 17, 2021, 11:56 AM IST
অসমলৈ আহিয়ে আছে বাংলাদেশী, আৰক্ষীৰ জালত বাংলাদেশী আব্দুল খালেক
বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ বাবে অহা আব্দুল খালেক নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে।

বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ বাবে অহা আব্দুল খালেক নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে।

  • Share this:
জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ কাৰ্যকালতো অসমলৈ নিতৌ প্ৰৱেশ ঘটিছে বাংলাদেশীৰ। শেহতীয়াভাৱে মানকাচৰ আৰক্ষীৰ হাতত এগৰাকী বাংলাদেশী নাগৰিক আটক হোৱা ঘটনাই যেন তাকেই প্ৰমাণ কৰিছে।

শনিবাৰে পুৱা মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্তোষ কুমাৰ বৰ্মনৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি টহলদাৰী বাহিনীয়ে সোণাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে বাংলাদেশী নাগৰিকজনক। বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ বাবে অহা আব্দুল খালেক নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, আব্দুল খালেকৰ ঘৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত হৰিণ গাঁৱত।

উল্লেখযোগ্য যে, বাংলাদেশলৈ চোৰাং গৰু ব্যৱসায়ৰ ঘাটিত পৰিণত হোৱা মানকাচৰৰ চৰ এলেকাত সঘন আহ-যাহ চলিছে বাংলাদেশী অপৰাধীৰ। সীমান্তত নিয়োজিত বিএছএফৰ চকুত ধুলি দি প্ৰায়ে নদীপথৰে অসমলৈ সৰবৰাহ ঘটিছে বাংলাদেশীৰ। কিন্তু এইক্ষেত্ৰত অসম আৰক্ষীৰ সীমান্ত শাখাৰ অকৰ্মন্যতাৰ বাবেই ধুবুৰী, বৰপেটা, গোৱালপাৰা আৰু বঙাইগাঁও জিলাত উদ্ৰেকজনক ভাৱে বৃদ্ধি পাইছে বাংলাদেশী নাগৰিকৰ প্ৰব্ৰজন।
Published by: Sanjay Kumar Das
First published: January 17, 2021, 11:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি