মুখ্যপৃষ্ঠা »খবৰ »অসম »আজমলৰ প্ৰতাৰণাত সৰ্বস্বান্ত বাংলাদেশৰ যুৱক আলমগীৰে ৰূপহীহাট থানাত দাখিল কৰিলে গোচৰ ; মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানলৈ ন্যায় ভিক্ষা বাংলাদেশী যুৱকজনৰ

আজমলৰ প্ৰতাৰণাত সৰ্বস্বান্ত বাংলাদেশৰ যুৱক আলমগীৰে ৰূপহীহাট থানাত দাখিল কৰিলে গোচৰ ; মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানলৈ ন্যায় ভিক্ষা বাংলাদেশী যুৱকজনৰ

আজমলৰ প্ৰতাৰণাৰ বলি হৈ সৰ্বস্বান্ত হৈ পৰে বাংলাদেশৰ যুৱকজন।

আজমলৰ প্ৰতাৰণাৰ বলি হৈ সৰ্বস্বান্ত হৈ পৰে বাংলাদেশৰ যুৱকজন।

আজমলৰ প্ৰতাৰণাৰ বলি হৈ সৰ্বস্বান্ত হৈ পৰে বাংলাদেশৰ যুৱকজন।

  • Share this:
ফেচবুকৰ জৰিয়তে অসমৰ ৰূপহীহাটৰ এজন যুৱকৰ সৈতে চিনাকী হৈ অসমলৈ আহি সৰ্বস্বান্ত হোৱা বাংলাদেশৰ আলমগীৰ হুছেইন নামৰ এগৰাকী যুৱকৰ স্বীকাৰোক্তিয়ে নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বাংলাদেশৰ আলমগীৰৰ সৈতে ৰূপহীহাটৰ শপতকাঢ়াৰ আজমল হুছেইন ওৰফে বাবলুৰ ফেচবুকত চিনাকি হৈছিল। তাৰ পিছত চিনাকিৰ পৰা দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত। ইয়াৰ পিছতে আজমলে বাংলাদেশৰ যুৱক আলমগীৰ হুছেইনক অসমলৈ মাতি আনে। পিছে আজমলৰ প্ৰতাৰণাৰ বলি হৈ সৰ্বস্বান্ত হৈ পৰে বাংলাদেশৰ যুৱকজন। আজমলে নিজৰ পৰিয়ালৰ সদস্য বুলি আৱেগিক কৰি অসমলৈ মাতি অনা আলমগীৰক ১৪ দিন বন্ধ কোঠাৰ ভিতৰত আবদ্ধ কৰি নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, বাংলাদেশী যুৱকৰ পৰা আজমলে মোটা অংকৰ ধন বিচাৰিছিল। ধন আদায় নিদিলে হত্যা কৰা হ’ব বুলিও ভাবুকি দিছিল আলমগীৰক। উপায়ন্তৰ হৈ বাংলাদেশৰ আলমগীৰৰ পৰিয়ালে লোকে পঠাইছিল ‍বাংলাদেশৰ চাৰি লাখ দহ হেজাৰ টকা যাৰ ভাৰতীয় মূল্য তিনিলাখ টকা।

এতিয়া ন্যায় বিচাৰি অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে বাংলাদেশী যুৱক আলমগীৰে। এই সংক্ৰান্তত ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অভিযুক্ত আজমল হুছেইনে আৰক্ষীৰ জালত পৰাৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰাৰ খবৰো পোৱা গৈছে। পিছে অসমলৈ অহাৰ পূৰ্বে আলমগীৰক চামগুৰিৰ এজন যুৱকৰ জৰিয়তে আজমল হুছেইন, পিতা-হজৰৎ আলীৰ নামৰে ভুৱা ভোটাৰ কাৰ্ডৰো যোগান ধৰিছিল। এই কথা খোদ স্বীকাৰ কৰিছে আলমগীৰ হুছেইনে। আলমগীৰৰ এই স্বীকাৰোক্তিয়ে পুনৰ প্ৰমাণ কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পিছতো অসমলৈ বাংলাদেশীৰ প্ৰব্ৰজন অব্যাহত আছে। পিছে ভুৱা ভোটাৰ কাৰ্ড প্ৰস্তুতকাৰী চক্ৰ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য উদ্ধাৰ কৰিব পৰা নাই নগাঁও আৰক্ষীয়ে।

শেহতীয়া বাতৰি