মুখ্যপৃষ্ঠা »খবৰ »অসম »Brahmaputra river: শুকাই আহিছে অসমৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ বুকু, নদীত অনিৰ্দিষ্টকালৰ বাবে আবদ্ধ অৰ্ধশতাধিক বাংলাদেশী জাহাজ

Brahmaputra river: শুকাই আহিছে অসমৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ বুকু, নদীত অনিৰ্দিষ্টকালৰ বাবে আবদ্ধ অৰ্ধশতাধিক বাংলাদেশী জাহাজ

Bangladeshi boat :  ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত যোৱা কেইটামান বছৰ ধৰি ধুবুৰী জাহাজ ঘাটৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি আৰম্ভ হৈছে।

Bangladeshi boat :  ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত যোৱা কেইটামান বছৰ ধৰি ধুবুৰী জাহাজ ঘাটৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি আৰম্ভ হৈছে।

Bangladeshi boat :  ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত যোৱা কেইটামান বছৰ ধৰি ধুবুৰী জাহাজ ঘাটৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি আৰম্ভ হৈছে।

  • Share this:
মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ অতি ভয়াৱহভাৱে হ্ৰাস পোৱাৰ ফলত বাংলাদেশৰ পৰা অহা প্ৰায় অৰ্ধশতাধিক শিল কঢ়িওৱা জাহাজ ধুবুৰীৰ ভিন্ন স্থানত আবদ্ধ হৈ পৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰচণ্ড শীতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত বিগত বাৰ দিনে আবদ্ধ হৈ থাকি বাংলাদেশৰ প্ৰায় দুই শতাধিক জাহাজ চালকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে (Bangladeshi shipcrew in trouble )।

উল্লেখ্য যে ভূটান, বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত যোৱা কেইটাবছৰ ধৰি ধুবুৰী জাহাজ ঘাটৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি আৰম্ভ হৈছে। ধুবুৰীৰ পৰা প্ৰতিদিনে হেজাৰ হেজাৰ কুইণ্টল শিল নদী পথেৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে। বিপৰীতে ভাৰত আৰু অসম চৰকাৰে প্ৰতিদিনে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু বিগত প্ৰায় পোন্ধৰটা দিনে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে শিলৰ ৰপ্তানি।

ইয়াৰ কাৰণ অতি ভয়ংকৰভাৱে শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু (Brahmaputra river is drying up)। ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদী পথত যাত্ৰীবাহী আৰু মালবাহী জাহাজৰ লগতে যন্ত্ৰ চালিত নাওৰ চলাচলৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত নদী পথত বন্ধ হৈ পৰিছে সকলো ধৰণৰ জাহাজৰ চলাচল। তেনে সময়তে এমাহ পূৰ্বে শিল কঢ়িওৱাৰ বাবে বাংলাদেশৰ পৰা ধুবুৰীৰ জাহাজ ঘাটত উপস্থিত হৈছিল অৰ্ধ শতাধিক মালবাহী জাহাজ।

আটাইকেইখন জাহাজত শিলভৰ্তি কৰাৰ পিছত বাংলাদেশলৈ যাত্ৰা আৰম্ভ কৰে যদিও পানীৰ অংশ যথেষ্ট কমি যোৱাৰ ফলত ধুবুৰীৰ নদী পথৰ ভিন্ন স্থানত অনিৰ্দিষ্ট কালৰ বাবে আবদ্ধ হৈ পৰিছে বাংলাদেশৰ পৰা অহা মালবাহী জাহাজসমূহ (Bangladeshi boat)। ইপিনে জাহাজৰ লগে লগে আবদ্ধ হৈ আছে চালকসহ প্ৰায় দুই শতাধিক বাংলাদেশী কৰ্মচাৰী। বৰ্তমানে প্ৰচণ্ড শীতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হোৱা বাংলাদেশৰ দুই শতাধিক চালক-কৰ্মচাৰীৰ মাজত চৰম খাদ্য সংকটে দেখা দিছে বুলিও একাংশই উল্লেখ কৰে সাংবাদিকৰ আগত।

ইপিনে বাংলাদেশ চৰকাৰে বাংলাদেশৰ যমুনা নদীত খনন চলাইছে যদিও ভাৰত আৰু অসম চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত খনন চলোৱা নাই বুলি উল্লেখ কৰি ব্ৰহ্মপুত্ৰ খনন কৰা নহ'লে ভাৰত বাংলাদেশৰ নদী পথৰ বাণিজ্যৰ ক্ষেত্ৰত এক জ্বলন্ত সমস্যাৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰে বাংলাদেশৰ নাগৰিক তথা জাহাজৰ চালক কৰ্মচাৰীসকলে।

উল্লেখ্য যে চীন আৰু অসম-অৰুণাচল সীমান্তৰ সোৱণশিৰীৰ নদী বান্ধৰ (Subansiri Lower Dam)  পিছতেই অতি ভয়াৱহভাৱে শুকাবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ পানী। ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ কথা বিভিন্ন সময়ত চৰকাৰে উল্লেখ কৰি আহিছে যদিও আজিলৈকে ব্ৰহ্মপুত্ৰ খনন চলোৱা পৰিলক্ষিত হোৱা নাই। ব্ৰহ্মপুত্ৰৰ বুকু খনন কৰা নহলে কিছুদিন পিছতেই হয়তো অসমৰ মানচিত্ৰৰ পৰা অসম আৰু অসমীয়াৰ আয়ুসৰেখা স্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰ নিশ্চিহ্ন হ'বলৈ বেছিদিন নালাগিব।

শেহতীয়া বাতৰি