২০ আগষ্টত বৰ্ষাপাৰালৈ বাংলাদেশ ক্ৰিকেট দল, ভাগ ল’ব ৫ খন এদিনীয়া মেচত!

১৩ দিনীয়া ভ্ৰমনসূচী লৈ গুৱাহাটীলৈ আহিব বাংলাদেশৰ ক্ৰিকেট দল

News18-Assam
Updated:August 6, 2019, 4:24 PM IST
২০ আগষ্টত বৰ্ষাপাৰালৈ বাংলাদেশ ক্ৰিকেট দল, ভাগ ল’ব ৫ খন এদিনীয়া মেচত!
source-google
News18-Assam
Updated: August 6, 2019, 4:24 PM IST
বিপুল বৰ্মন:  ১৩ দিনীয়া ভ্ৰমনসূচী লৈ গুৱাহাটীলৈ আহিব বাংলাদেশৰ এটি ক্ৰিকেট দল। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পাঁচখন এদিনীয়া ক্ৰিকেট খেলত অংশ লঁব বাংলাদেশী দলটোৱে। বিচিচিআইৰ পৰা সেউজ সংকেট পোৱাৰ পিছতেই এই কথা নিউজ১৮ক জনাই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই। বাংলাদেশৰ আগশাৰীৰ দলটোৱে অসমৰ ৰঞ্জী ট্ৰফীৰ সাম্ভাব্য দলটোৰ সৈতে ৫ খন প্ৰস্তুতি মেটছত অংশ লব। অসমে অষ্ট্ৰেলিয়াৰ এডেলাইদৰ এটি দলকো গুৱাহাটীলৈ আমন্ত্ৰন জনাইছিল যদিও দলটো এইসময়ত আহিব নোৱাৰে বাবে ২০২০ জুনত দলটোক আমন্ত্ৰনৰ সিদ্ধান্ত লৈছে এচিএ। ইফালে অসমৰ ৰঞ্জী দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে যোগ দিছে টীম ইন্ডিয়াৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন অজয় ৰাট্ৰাই।
আৰু চাওক পৰৱৰ্তী বাতৰি