নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাকৈয়ে অসম জাতীয় পৰিষদে দখল কৰিলে পঞ্চায়ত, মন্ত্ৰী ফণীভূষণৰ দুৰ্গত খহনীয়া

অগপৰ আঠগৰাকীকৈ পঞ্চায়ত প্ৰতিনিধিয়ে সোমবাৰে যোগদান কৰে অসম জাতীয় পৰিষদত।
অগপৰ আঠগৰাকীকৈ পঞ্চায়ত প্ৰতিনিধিয়ে সোমবাৰে যোগদান কৰে অসম জাতীয় পৰিষদত।
- News18 Assam
- Last Updated: December 28, 2020, 2:35 PM IST
বঙাইগাঁৱত অসম জাতীয় পৰিষদৰ চমকপ্ৰদ উত্থান ৷ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাকৈয়ে অসম জাতীয় পৰিষদে দখল কৰিলে পঞ্চায়ত ৷ ডাংতল পঞ্চায়তৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্যা , সভানেত্ৰী আৰু সদস্যাসহ সংখ্যাগৰিষ্ঠ আঠগৰাকীকৈ প্ৰতিনিধিয়ে অজাপত যোগ দিয়ে ৷
পূৰ্ৱৰ পৰাই এশ শতাংশ প্ৰতিনিধিৰে জয়লাভ কৰি অহা পঞ্চায়তখন হেৰুৱাবলগীয়া হোৱাত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে অসম গণ পৰিষদৰ বাবে আন এক চিন্তাৰ কাৰণ হিচাপে চিহ্নিত হৈছে ৷
সদ্য অগপ পদত্যাগী নেতাসকলে জানিবলৈ দিয়া মতে, বহু অগপ নেতা আৰু পঞ্চায়ত প্ৰতিনিধিয়ে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ কাম কাজত দীৰ্ঘদিন ধৰি অসন্তুষ্ট হৈ আছে। আৰু শীঘ্ৰে বহু অগপ কৰ্মীয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত।
উল্লেখ্য যে, বঙাইগাঁও বিধানসভা সমষ্টিৰ ১৬ খন পঞ্চায়তৰ ভিতৰত বৰ্তমান অগপৰ হাতত ১৪ খন থকাৰ বিপৰীতে বিজেপি আৰু কংগ্ৰেছত দখলত আছে এখনকৈ পঞ্চায়ত। আনহাতে অসম জাতীয় পৰিষদৰ দখললৈ গ’ল এখন পঞ্চায়ত।