ডিব্ৰুগড়ৰ বন্দনাই চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট। বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ উত্কৰ্ষ সাধন আৰু দক্ষতা বিকাশৰ উদ্দেশ্যৰে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট অৰ্পণ কৰা হ’ব যুৱতীগৰাকীৰ হাতত।
বন্দনা ওৰাঙৰ ঘৰ ডিব্ৰুগড়ৰ নামৰূপ চাহ বাগিচাত। যুৱতীগৰাকীয়ে শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা ১১ বজালৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ চলাব। লগতে #Reimagining Education in Assamত কোৰোণা মহামাৰীৰ পিছৰ অভিজ্ঞাতৰ সন্দৰ্ভতো নিজৰ মন্তব্য আগবঢ়াব।
সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ এখন ৰাজ্যিক নিৰ্বাচনী বৈঠকত উপস্থিত থাকিব। বৈঠকত অনলাইন যোগে ভাগ ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ লগতে অন্যান্য শীৰ্ষস্থানীয় নেতাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|