ডাবল মাৰ্ডাৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত ধনটি ডেকা আৰু অৰূপ ডেকাক আজি নুনমাটি থানাৰ পৰা চি জে এম ক'ৰ্টত হাজিৰ কৰোৱাৰ লগতে বন্দনা কলিতাক পাণবজাৰ মহিলা থানাৰ পৰা আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীৰ জিম্মাৰ ৪ দিনৰ ম্যাদ উকলি যোৱাৰ পিছত আজি তিনি হত্যাকাৰীক আদালতত হাজিৰ কৰোৱা হয় (Guwahati Double Murder)।
আদালতে বন্দনা কলিতাক পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ নকৰিলে। তেওঁক দিয়া হয় ন্যায়িক জিম্মা। ইয়াৰ বিপৰীতে দুই অভিযুক্ত অৰূপ আৰু ধনটিক পুনৰ দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে বন্দনাৰ স্বামী আমৰজ্যোতি দে' আৰু শাহুৱেক শংকৰী দে'ক দুই সংগীৰ সহযোগত বন্দনাই নৃশংসভাবে হত্যা কৰিছিল আৰু মৃতদেহ মেঘালয়ত পেলাই দিছিল। আৰক্ষীয়ে ইতিমধ্যে প্ৰায় এপষেক নিজৰ জিম্মাত ৰাখি বন্দনা আৰু দুই অভিযুক্তৰ বিৰুদ্ধে তথ্যপ্ৰমাণ সংগ্ৰহ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।