• Home
  • »
  • News
  • »
  • assam
  • »
  • NDFBৰ নিষিদ্ধকৰণৰ ম্যাদ বৃদ্ধি, পাঁচ বছৰলৈ বৃদ্ধি কৰিলে নিষিদ্ধকৰণৰ ম্যাদ

NDFBৰ নিষিদ্ধকৰণৰ ম্যাদ বৃদ্ধি, পাঁচ বছৰলৈ বৃদ্ধি কৰিলে নিষিদ্ধকৰণৰ ম্যাদ

Source-Google

Source-Google

স্বাধীন বড়োলেণ্ডৰ দাবীৰে সশস্ত্ৰ বিদ্ৰোহ চলাই থকা এন ডি এফ বিক ৯০-ৰ দশকত প্ৰথমবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছিল।

  • Share this:
সশস্ত্ৰ সংগঠন এন ডি এফ বিৰ ওপৰত থকা নিষেধাজ্ঞা আৰু ৫ বছৰলৈ বৃদ্ধি।স্বাধীন বড়োলেণ্ডৰ দাবীৰে সশস্ত্ৰ বিদ্ৰোহ চলাই থকা এন ডি এফ বিক ৯০-ৰ দশকত প্ৰথমবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছিল। বিভিন্ন হত্যা–হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰা  NDFBৰ নিষিদ্ধকৰণৰ ম্যাদ বৃদ্ধিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে প্ৰকাশ কৰিছে জাৰি কৰিছে জাননী। জাননীখনত উল্লেখ কৰা হৈছে যে, ‘হিংসাত্মক কাৰ্য্যকলাপ সংঘটিত কৰি ভাৰতৰ ভৌগোলিক অখণ্ডতা দুৰ্বল কৰা আৰু লগতে ভাৰত বিৰোধী শক্তিৰ সৈতে মিতিৰালি কৰাৰ বাবে সংগঠনটোৰ ওপৰত নিষিদ্ধতা বাহাল ৰখা হৈছে।’

লগতে উল্লেখ কৰা হৈছে যে, “যদিহে এন ডি এফ বিৰ বেআইনী কাৰ্য্যকলাপ নিয়ন্ত্ৰণন কৰা নহয় তেন্তে সংগঠনটো পুনৰ সংগঠিত হ’ব আৰু নিজকে পুনৰ সশস্ত্ৰ কৰি তুলিব, নতুনকৈ সদস্যভৰ্তি কৰিব, হিংসা, সন্ত্ৰাস আৰু বিচ্ছিন্নতাক উচটনি দিব, পুঁজি সংগ্ৰহ কৰি আৰু নিৰ্দোষী নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ কৰ্মীসকলৰ জীৱন বিপন্ন কৰিব”।
First published: