যি সময়ত ৰাজ্যৰ শক্তি মন্ত্ৰী (Power Minister Bimal Bora)) গৰাকীয়ে শক্তি বিভাগত ব্যাপক সংস্কাৰ কৰি ৰাজহ সংগ্ৰহত অভিলেখ গঢ়িছে তেনে সময়তে বিদ্যুৎ বিভাগৰ নিম্নমানৰ সেৱাই জ্বলা-কলা খুৱাইছে মৰিয়নি (Mariani) বিধান সভা সমষ্টিৰ চেলেংহাটবাসীক। জগদুৱাৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত চেলেংহাটৰ মাজুনগঞা গাঁৱত বিদ্যুৎ বিভাগে গ্ৰাহক অনুপাতে উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰ স্থাপন নকৰাত কম ভল্টেজৰ বাবে টিপ চাকিৰ দৰে পোহৰহে লাভ কৰি আহিছে গাওঁখনৰ বাসিন্দাসকলে।
ইয়াতেই অন্ত পৰা নাই গাঁওবাসীৰ যন্ত্ৰণা। গাওঁখনত শক্তি বিভাগে আওপুৰণি বিদ্যুতৰ তাঁৰ আৰু খুঁটাসমুহ সলনি নকৰাত গাঁওখনৰ বহু ঠাইত বিপদসংকুলকৈ বৈদ্যুতিক তাঁৰ সমুহ ওলমি ৰৈছে। লগতে বহু ঠাইত বিদ্যুৎ খুঁটা নথকাত বিভাগটোৰ বাবে বাঁহৰ খুটা এতিয়া শেষ ভৰসা হৈছেগৈ। এনে অৱস্থাত ওলমি ৰোৱা তাঁৰ আৰু বাঁহৰ খুটাৰ বাবে যিকোনো সময়তে ভয়ংকৰ বিপদ ঘটাৰ আশংকাই দেখা দিছে।
গাঁও বাসীয়ে অভিযোগ কৰা মতে বতাহত পাত এখিলা লৰিলেই বিদ্যুৎ সংযোগ বিছিন্ন হৈ পৰে গাঁওখনত। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক গাওঁবাসীয়ে বহু আৱেদন-নিবেদন কৰিও সুফল পোৱা নাই। ইফালে গাঁওবাসীয়ে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ট্ৰেন্সফৰ্মাৰ স্থাপনৰ নামত প্ৰতাৰণা কৰাৰো অভিযোগ তুলিছে। গাঁওবাসীয়ে অভিযোগ কৰা মতে সৌভাগ্য আঁচনিৰ অধীনত এবছৰ পূৰ্বে গাঁওখনত এটা ট্ৰেন্সফৰ্মাৰ স্থাপনৰ অনুমোদন হৈছিল। কিন্ত ট্ৰেন্সফৰ্মাৰ স্থাপন কৰিবলৈ খুঁটা পোতাৰ পাছতো গাওঁখনত আজিলৈ স্থাপন নহ'ল ট্ৰেন্সফৰ্মাৰ । ইয়াৰ বিপৰীতে পুতি থোৱা চাৰিটা খুঁটাৰ দুটা খুঁটা ইতিমধ্যে শক্তি বিভাগে পুনৰ উঘালিহে লৈ যায়।
শক্তি বিভাগৰ এনে কাৰ্যত গাওঁবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা লগতে শীঘ্ৰে ট্ৰেন্সফৰ্মাৰ স্থাপন নকৰিলে শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।ইয়াৰ উপৰি গাওঁখনত উন্নত বিদ্যুতৰ তাঁৰ সংযোগ কৰি বাহঁৰ খুটা সমুহ আঁতৰাবলৈ দাবী উত্থাপন কৰিছে মাজুনগঞা যুৱ সমাজে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|