বিধায়ক জিতু গোস্বামীৰ তৎপৰতাত প্ৰায় দহ দিন বিৰতিৰ অন্তত আৰম্ভ হৈছে পথটোৰে যাতায়াত
বিধায়ক জিতু গোস্বামীৰ তৎপৰতাত প্ৰায় দহ দিন বিৰতিৰ অন্তত আৰম্ভ হৈছে পথটোৰে যাতায়াত
শেহতীয়াকৈ কপিলী নদীৰ প্ৰলংয়কৰী বানে কামপুৰ-কঠিয়াতলী সংযোগী পথটোৰ একাংশ মনহোৰ গাঁৱৰ সমীপত ছিঙিছিল। প্ৰায় দহ দিন ধৰি বন্ধ হৈ আছিল পথটোৰে যাতায়াত।একমাত্ৰ নাও যোগাযোগৰ মাধ্যম হৈ পৰিছিল দুয়োপাৰৰ ৰাইজৰ। সমষ্টিটোৰ বিধায়ক জিতু গোস্বামীৰ তৎপৰতাত বৰ্তমান পথটোৰ ছিঙা অংশত অস্থায়ীভাৱে এখন দলঙৰ নিৰ্মাণ কৰা হয়।
উক্ত দলংখনেদি বৰ্তমান পাৰ হ'ব পাৰিব চাৰিচকীয়া সৰু বাহনৰ লগতে দুচকীয়া বাহন। ইতিমধ্যে মঙলবাৰে পথটোৰ ওপৰৰ অস্থায়ী দলঙেৰে দুচকীয়া আৰু চাৰিচকীয়া সৰু বাহনৰ লগতে দুয়োপাৰৰ ৰাইজে যাতায়াত আৰম্ভ কৰিছে। পথটোৰ ওপৰত দলঙৰ নিৰ্মাণে ৰাইজক যথেষ্ট সকাহ প্ৰদান কৰিছে। কম দিনৰ ভিতৰতে পথটোৰ স্থায়ী সমাধান কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|