অসমৰ বাঁহৰ বটলে দখল কৰিছে আমেৰিকাৰ বজাৰ, বিদেশৰ বহু ঠাইলৈ ৰপ্তানি হৈছে বিশ্বনাথৰ যুৱকে নিৰ্মাণ কৰা বাঁহৰ বটল

ধৃতিমান বৰাৰ পৃথিৱীখন হৈছে বাঁহৰ আৰু তেওঁৰ বাবে বাঁহেৰে যিকোনো কাম কৰাটো সম্ভৱ।
ধৃতিমান বৰাৰ পৃথিৱীখন হৈছে বাঁহৰ আৰু তেওঁৰ বাবে বাঁহেৰে যিকোনো কাম কৰাটো সম্ভৱ।
- News18 Assam
- Last Updated: September 3, 2020, 5:27 PM IST
"বাহৰ প্ৰেছাৰ কুকাৰ আৰু বাঁহৰ ফ্ৰাইং পেনৰ ওপৰত বৰ্তমান কাম চলি আছে আৰু অহা ডিচেম্বৰৰ মাজভাগৰ ভিতৰতে এই দুয়োবিধ সামগ্ৰীৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। এই সামগ্ৰীসমূহ সম্পূৰ্ণ জৈৱিক আৰু স্থানীয় বাঁহেৰে নিৰ্মিত। এইবোৰ ব্যৱহাৰ কৰোতে বিদ্যুৎ ব্যৱহাৰ কৰা হ’ব আৰু ইয়াত দুই-তিনিজন লোকৰ খাদ্য প্ৰস্তুত কৰিব পৰা যাব। ইতিমধ্যে বাঁহৰ বেগসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। বাঁহৰ গুৰিৰে নিৰ্মাণ কৰা এই বাহৰ বেগসমূহ সহজে পচি যাব আৰু ইয়াক সহজে ক্ৰয় কৰিব পৰাও যাব।", ধৃতিমান বৰাই কয়।
আনহাতে, বাঁহেৰে নিৰ্মিত বিশেষ বটলে ধৃতিমানক এক নতুন পৰিচয় দিয়াৰ লগতে অসমৰ বাঁহকো এক সুকীয়া মৰ্যাদা দিলে। অসমৰ বাঁহক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে "সেউজীয়া সোণ"ৰূপে অভিহিত কৰিছে। উদ্যমী ব্যৱসায়ী যুৱকজনক এই বাঁহৰ বটল প্ৰস্তুত কৰিবলৈ সময়ৰ প্ৰয়োজন হ’ল প্ৰায় ১৭ বছৰ। বটলৰ সাফৰটোৰ পৰা তলিখনলৈকে বটলটোৰ সকলোখিনি নিৰ্মাণ কৰা হৈছে বাঁহেৰে, যাৰ বাবে ই হৈ পৰিছে সম্পূৰ্ণ জৈৱিক আৰু বায়'ডিগ্ৰেডেবল।

একোটা বটল নিৰ্মাণ কৰিবলৈ পাচ ঘণ্টাকৈ সময়ৰ প্ৰয়োজন হয়। ইয়াৰ বাবে বাঁহ জোখত কাটি সিজোৱা হয় আৰু তাৰ পিছত জুইত সেকি শুকুৱা হয় যাতে ই বেছিদিন টিকে। ইয়াৰ পিছত বাঁহৰ অংশবোৰ জোৰা লগাই সম্পূৰ্ণ বটলটো নিৰ্মাণ কৰি তাত শেষ স্পৰ্শ দিয়া হয়। বাঁহখিনি সিজাই ললে ই অধিক পৰিষ্কাৰ হয় আৰু ই সহজে বেয়া নহয়।
"প্ৰথম অৱস্থাত নিৰ্মাণ কৰা বটলবোৰৰ মুখখন বহুত ঠেক আছিল। কিন্তু বৰ্তমান নিৰ্মাণ কৰা বটলসমূহৰ মুখখন বহল আৰু তাৰ সাফৰখনো বহলকৈ বনোৱা হৈছে। এনেদৰে বহল মুখৰ বটলহমূহ পানী নসৰকা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। কাৰণ ইয়াত অন্য কোনো সামগ্ৰী ব্যৱহাৰ কৰা নহয়।" ধৃতিমানে আৰু ক’লে।

"প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়ত মই মোৰ কাৰখানাটো বন্ধ কৰি দিব লগা হৈছিল। কিন্তু আনলক আৰম্ভ হোৱাৰ লগে লগেই যেন ভাল ব্যৱসায়ো আৰম্ভ হ’বলৈ ধৰিলে। বিদেশৰ পৰা বহু লোকে এই সন্দৰ্ভত জানিব বিচাৰিলে। আমি কোৰোণা মহামাৰী পৰিস্থিতি কিছু শাম কটাৰ পৰাই নিয়মীয়াকৈ আমেৰিকা, কানাডা, মেক্সিকো আৰু স্পেইনলৈ বাঁহৰ বটল আৰু বেম্ব ষ্ট্ৰ' পঠিয়াই আছো। আমেৰিকাত ইয়াৰ এখন বিশাল বজাৰ আছে।", ধৃতিমান বৰাই কয়।
"মই আশা কৰিছো ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণ দেৱালীৰ সময়লৈ বহু পৰিমাণে বৃদ্ধি পাব। কাৰণ বহু লোকে বাঁহৰ বটলসমূহ উপহাৰ হিচাবে দিব বিচাৰে।", লগতে ক’লে ধৃতিমান বৰাই।

বিদেশৰ পৰা অহা অৰ্ডাৰসমূহত বটলসমূহৰ ডিজাইন অধিক দেখনিয়াৰ কৰিবলৈ ডিমাণ্ডো আহিছে। ঘৰুৱা অৰ্ডাৰৰ বাবে নিৰ্মাণ কৰা বহু বটল অধিক সুক্ষ্মভাৱে নিৰ্মাণ কৰা হৈছে। ডিজাইন আৰু আকাৰ অনুসৰি এই বটলসমূহৰ মূল্য হ’ল প্ৰতিটোত ২২০ টকাৰ পৰা ৫৫০ টকা। যিসময়ত দেশৰ GDP ভয়ানকভাৱে নিম্নগামী হৈছে, সেই সময়তো এই বাঁহৰ বটলে প্ৰতি মাহে ১০–১২ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।
"আমি প্ৰতি মাহে ছয়ৰ পৰা আঠ হাজাৰ বটল আৰু পঞ্চাশ হাজাৰ ষ্ট্ৰ' নিৰ্মাণ কৰো।" ধৃতিমান বৰাই জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে অসম, ত্ৰিপুৰা আৰু মণিপুৰত নিৰ্মিত বাঁহৰ সামগ্ৰীসমূহক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছিল, যাতে ইয়াৰ জৰিয়তে বহু লোক আত্মনিৰ্ভৰশীল হ’ব পাৰে।

" অসম, ত্ৰিপুৰা আৰু মণিপুৰৰ দক্ষ শিল্পীসকলে বাঁহেৰে বটল, টিফিন বক্সকে বহু প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰি আহিছে । বাহেৰে নিৰ্মাণ কৰা এই সামগ্ৰীসমূহ উন্নত মানৰ আৰু ব্যৱহাৰ কৰিবলৈ সূচল।", প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ 'মন কী বাত' অনুষ্ঠানত এনেদৰে কৈছিল।
ধৃতিমানে তেওঁৰ বাঁহৰ বটল আৰু বাঁহেৰে নিৰ্মাণ কৰিব লগা অন্যান্য সামগ্ৰীসমূহৰ ওপৰত চলি থকা পৰীক্ষা-নিৰীক্ষা সন্দৰ্ভত অৱগত কৰি ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত তেওঁ প্লাষ্টিকৰ বিকল্প হিচাবে বাহৰ সামগ্ৰী নিৰ্মাণৰ উদ্যোগক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক আহ্বান জনাইছে।
জাতি বাঁহ ( Bambusa Tulsa ) আৰু বিজুলী বাঁহ ( Barbuda pallid )ৰ পৰা নিৰ্মাণ কৰা বটলৰ পেটেণ্ট লাভৰ বাবে ধৃতিমানে ইতিমধ্যে আৱেদন কৰিছে। এনে ধৰণৰ বাঁহৰ বটল নিৰ্মাণ কৰা ধৃতিমান প্ৰথম ব্যক্তি নহ’লেও চীনৰ একাংশ উদ্যোগত নিৰ্মাণ কৰা বাঁহৰ বটলসমূহত ব্যৱহাৰ কৰা হৈছে গ্লাছ আৰু ষ্টিল। কিন্তু ধৃতিমানৰ বটলটো হৈছে সম্পূৰ্ণৰূপে জৈৱিক।