
প্ৰত্যেক দৰ্শণাৰ্থীৰ বাবে ব্যবস্থা কৰিছে টকেনৰ, সামাজিক দুৰত্বৰ বাবে দিছে বিশেষ চিহ্ন।
প্ৰত্যেক দৰ্শণাৰ্থীৰ বাবে ব্যবস্থা কৰিছে টকেনৰ, সামাজিক দুৰত্বৰ বাবে দিছে বিশেষ চিহ্ন।
৮ জুনৰ পৰা ধৰ্মীয় স্থানসমূহ খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰিছে৷ যাৰ বাবে দেশৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহ সাজু কৰিছে ভক্তৰ বাবে৷ গুৱাহাটীৰ বেতকুছিস্থিত বালাজী মন্দিৰেও দৰ্শণাৰ্থীৰ কাৰণে ব্যবস্থা কৰিছে বিশেষ প্ৰট’কলৰ। এঘণ্টাত ২০গৰাকী ভক্তইহে প্ৰৱেশ কৰিব পাৰিব দৰ্শনৰ বাবে। এদিনত ৭ ঘণ্টাৰ বাবেহে দৰ্শন কৰিব পাৰিব দৰ্শনাৰ্থীয়ে। ইয়াৰ উপৰি চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো বাহন। কোভিড–১৯ৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবৰ বাবে বান্ধি দিয়া সকলো নীতি–নিৰ্দেশনা মানি চলিব বুলি জনাই কৰ্তৃপক্ষই।
প্ৰত্যেক দৰ্শণাৰ্থীৰ বাবে ব্যবস্থা কৰিছে টকেনৰ, সামাজিক দুৰত্বৰ বাবে দিছে বিশেষ চিহ্ন। চৌহদৰ সকলো স্থানে কৰিব ছেনিটাইজ। ২০জন প্ৰৱেশৰ পিছত বাকী থকা লোকসকলৰ বাবে ব্যৱস্থা কৰিছে অন্য নিৰ্দিষ্ট স্থানৰ।এতিয়া কোভিড–১৯ক হৰুৱাবলৈ সকলো বদ্ধ পৰিকৰ। ইয়াৰ ওপৰি বালাজী মন্দিৰত নাপাব প্ৰসাদ, নিৰ্মালী৷ দৰ্শনৰ পিছত ঘূৰি যাওঁতে ল’ব পাৰিব বালাজী মন্দিৰৰ বিখ্যাত লাড়ু৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|