মুখ্যপৃষ্ঠা »খবৰ »অসম »ডিব্ৰুগড়ৰ বিশিষ্ট লোকশিল্পী পদ্ম দাসক ২০২৩ বৰ্ষৰ বকুলবন বঁটা প্ৰদান ...

ডিব্ৰুগড়ৰ বিশিষ্ট লোকশিল্পী পদ্ম দাসক ২০২৩ বৰ্ষৰ বকুলবন বঁটা প্ৰদান ...

২০২৩ বৰ্ষৰ বকুলবন বটা আগবঢ়োৱা হৈছে অসমৰ লোকসংগীতৰ এক অনুপম উপাদান বনগীতৰ বিশিষ্ট সাধক , বিশিষ্ট লোকশিল্পী ডিব্ৰুগড়ৰ পদ্ম দাসলৈ ।

২০২৩ বৰ্ষৰ বকুলবন বটা আগবঢ়োৱা হৈছে অসমৰ লোকসংগীতৰ এক অনুপম উপাদান বনগীতৰ বিশিষ্ট সাধক , বিশিষ্ট লোকশিল্পী ডিব্ৰুগড়ৰ পদ্ম দাসলৈ ।

  • Share this:
অসমৰ লোকশিল্পীসকলক বিশেষ ভাবে সন্মান জ্ঞাপন কৰি আহিছে বকুলবন ন্যাস , অসমে । ২০২৩ বৰ্ষৰ বকুলবন বটা আগবঢ়োৱা হৈছে অসমৰ লোকসংগীতৰ এক অনুপম উপাদান বনগীতৰ বিশিষ্ট সাধক , বিশিষ্ট লোকশিল্পী ডিব্ৰুগড়ৰ পদ্ম দাসলৈ ।

শুক্ৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাটত এই বঁটা শিল্পীগৰাকীক প্ৰদান কৰা হয় । বিগত ছটা দশক ধৰি বনগীতৰ চৰ্চা অব্যাহত ৰাখিছে অশিতীপৰ শিল্পী পদ্ম দাসে । বনগীতৰ বিশিষ্ট শিল্পীগৰাকীলৈ এই বঁটা আগবঢ়াবলৈ পাই ন্যাস ধন্য হৈছে বুলি জানিবলৈ দিছে বকুলবন ন্যাসে ।

১৯৩৯ চনত ডিব্ৰুগড়ত জন্ম লাভ কৰা পদ্ম দাসে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিব নোৱাৰাৰ পিছত জীৱন নিৰ্বাহৰ বাবে এটা মটৰ গেৰেজ খুলিছিল । কিন্তু ইয়াৰ পিছতো তেওঁ নিজৰ শিল্পী সত্বাক জীয়াই ৰাখিছিল । সুৰীয়া কন্ঠেৰে গীত গোৱা পদ্ম দাসৰ বনগীতসমূহ ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠানৰ আকৰ্ষণ হৈ পৰিছিল । জীৱিকাৰ বাবে কৰি অহা কঠোৰ সংগ্ৰামৰ মাজতো ১৯৭৪ চনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত নিয়মীয়া শিল্পী হিচাবে বনগীত পৰিৱেশন কৰি আহিছিল পদ্ম দাসে । আনহাতে লোকশিল্পীগৰাকীয়ে বিভিন্ন লোকক বনগীতৰ শিক্ষা প্ৰদান কৰি বনগীতৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । তেখেতৰ ওচৰত  বনগীতৰ শিক্ষা লাভ কৰে বহু শিল্পীয়ে আকাশবাণীত গীত পৰিৱেশন কৰিছে ।

ভাৰতীয় গণনাট্য সংঘৰ নিষ্ঠাবান কৰ্মী লোকশিল্পী পদ্ম দাসক বকুলবনৰ কবি আনন্দচন্দ্ৰ বৰুৱাৰ জন্মদিনৰ দিনটোত ২৭ জানুৱাৰীত যোৰহাটত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । এই বঁটাত বঁটাৰ উপৰিও সম্বৰ্ধনা পত্ৰ , অংগবস্ত্ৰ আৰু নগদ ধনৰ মাননি আগবঢ়োৱা হয় ।

শেহতীয়া বাতৰি