আকৌ আৰক্ষীৰ জালত পৰিছে সাংবাদিকতাৰ বৃত্তিক কলংকিত কৰা স্বয়ম্ভু সাংবাদিক
আকৌ আৰক্ষীৰ জালত পৰিছে সাংবাদিকতাৰ বৃত্তিক কলংকিত কৰা স্বয়ম্ভু সাংবাদিক
আকৌ আৰক্ষীৰ জালত পৰিছে সাংবাদিকতাৰ বৃত্তিক কলংকিত কৰা স্বয়ম্ভু সাংবাদিক। বাইক চুৰিৰ গোচৰৰ গ্ৰেপ্তাৰ হৈছে বকোৰ জাহেৰ আলী আহমেদ নামৰ এজন ৱেব পৰ্টেলৰ সাংবাদিক। দক্ষিণ কামৰূপৰ বকোৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে বালিজাৰ অঞ্চলৰ এই স্বয়ম্ভু সাংবাদিকজন ৷
মঙলবাৰে বাইক চুৰি গোচৰত ৱেব পৰ্টেলৰ বকোৰ স্বয়ম্ভু সাংবাদিক জাহেৰ আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছতে বকো তথা বৰুৱা-বালিজাৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জাহেৰ আলী আহমেদ সহ গ্ৰেপ্তাৰ হোৱা আন চোৰ কেইটা ক্ৰমে বৰুৱা গাঁৱৰ ৰছিদুল হক, ছয়গাঁৱৰ ভাওঁৰিয়াভীটাৰ নুৰ মহম্মদ আৰু মুন্নাফ আলী।
আটকাধীন চোৰ চাৰিটাৰ পৰা উদ্ধাৰ হৈছে এখন ‘১৫০ পালচাৰ’ আৰু দুখন গ্লেমাৰ বাইক৷ উদ্ধাৰ হোৱা পালচাৰ বাইকৰ পঞ্জীয়ন নম্বৰ AS01 DR8061 আৰু গ্লেমাৰ বাইক দুখনৰ নম্বৰ ক্ৰমে, AS01 DY3452 আৰু AS25 L6613 ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|