প্ৰেমৰ বাবেই বিহপান কিশোৰ–কিশোৰীৰ! কিয় বাচি ল’লে জীৱনৰ চৰম পথ?
News18-Assam Updated:June 28, 2019, 8:21 PM IST

কাজিয়ামাটি গাৱৰ ঈদগাহ ময়দানত বিদ্যালয়ৰ গণবেশ পৰিধান কৰি অচেতন অৱস্থাত পৰি আছিল কিশোৰ–কিশোৰী
কাজিয়ামাটি গাৱৰ ঈদগাহ ময়দানত বিদ্যালয়ৰ গণবেশ পৰিধান কৰি অচেতন অৱস্থাত পৰি আছিল কিশোৰ–কিশোৰী
- News18 Assam
- Last Updated: June 28, 2019, 8:21 PM IST
দুয়ো বিহপান কৰি ঈদগাহ ময়দানত চটফটাই পৰি থকা প্ৰত্যক্ষ কৰে গাঁওৰ একাংশ লোকে ৷ ইতিমধ্যে পৰিচয় উদ্ধাৰ কৰা হৈছে দুয়োগৰাকী কিশোৰ কিশোৰীৰ ৷ বাক্সাৰ কাজিয়ামাটিৰ দুই কিশোৰ–কিশোৰীৰ নাম ক্ৰমে আব্দুল আলি (১৬) আৰু মামনি খাতুন (১৬ বছৰ)।দুয়ো অঞ্চলটোৰ চুক্ৰংবাৰী হাই স্কুলত দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৷ পৰিয়ালৰ লোকৰ সন্দেহ প্ৰেমৰ বাবেই বিষপান কৰে দুই কিশোৰ–কিশোৰীয়ে।ইফালে আব্দুল আলী নামৰ কিশোৰজনক এতিয়া সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ৷ এই ঘটনাক লৈ এতিয়া অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷