কিডনীৰ অবৈধ বেহাই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে পুনৰ পোহৰলৈ আহিছে আন এটি ঘটনা৷ কৰ্ম সংস্থাপনৰ প্ৰলোভন দি কিডনী নিলে এজন যুৱকৰ৷ বিগত ২০১৬ চনত সংঘটিত হৈছিল এই ঘটনাটো৷ মহানগৰীৰৰ নাৰেংগীৰ ফৰেষ্ট গেটত এগৰাকী যুৱতীৰ প্ৰৰোচনাত পৰি চিৰদিনলৈ ঘূণীয়া হ'ল বাক্সাৰ এজন যুৱক৷
এই যুৱকজনৰ নাম হৰেন ডেকা৷ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত শিংৰাপাৰা গাঁৱৰ হৰেন ডেকা কৰ্মসূত্ৰে আছিল গুৱাহাটী মহানগৰীত৷ এটা হোষ্টেলত ৰান্ধনী হিচাপে কৰ্মৰত হৰেনৰ চিনাকী হৈছিল নাৰেংগী ফৰেষ্ট গেটৰ অৰ্চনা দাস নামৰ এগৰাকী যুৱতীৰ সৈতে৷ এই গৰাকী অৰ্চনা দাসে চিনাকী সূত্ৰে হৰেনক পিতৃৰ বাবে এটা কিডনী দান কৰাৰ পৰামৰ্শ দিছিল৷ ইয়াৰ বিনিময়ত হৰেনক দিব শকত পৰিমানৰ ধন আৰু স্থায়ী সংস্থাপন৷
দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি দিগবিদিগ হেৰুওৱা সহজ–সৰল হৰেনেও সহজতে মান্তি হৈছিল যুৱতীগৰাকীৰ চলাহী কথাত৷ সেই মতে বিভিন্ন কাগজ পত্ৰত চহী কৰাৰ পিছত হৰেনক লৈ গৈছিল কলকাতাৰ ৰবীন্দ্ৰ নাথ টোগৰ চিকিৎসালয়লৈ৷ তাতে হৰেনৰ সোঁফালৰ কিডনীটো উলিয়াই নিয়াৰ পিচত তিনি মাহ পিচত ওভতাই আনিছিল অসমলৈ৷ পিছে অসমলৈ ঘূৰি অহাৰ পিছৰে পৰা হৰেনক এৰাই চলে অৰ্চনা দাস নামৰ যুৱতীগৰাকীয়ে৷
অৱশ্যে চুক্তি অনুসৰি যুৱতীগৰাকীয়ে হৰেনক দিছিল ডেৰ লাখ টকা৷ ভুক্তভোগী যুৱক হৰেনে জানিবলৈ দিয়া মতে, স্থায়ী সংস্থাপনৰ আশাত কিডনী এটা দিছিল তেওঁ৷ কিন্তু এতিয়া অৰ্চনা দাসে এৰি চলিছে তেওঁক৷ ফোন কৰিলেও ৰিচিভ নকৰে৷ আনকি তেওঁ লগত কৰা চুক্তিপত্ৰৰ কাগজ-পত্ৰ বা চিকিৎসালয়ৰ চিকিৎসকৰ ব্যৱস্থাপনা পত্ৰখিনিও নিদিলে৷
উল্লেখযোগ্য যে শেহতীয়াভাৱে দুৰ্বল হৈ পৰিছে হৰেন৷ পত্নী আৰু দুই সন্তানৰ ভৱিষ্যতক লৈ এতিয়া অন্ধকাৰ দেখিছে হৰেনে৷ সেয়ে এতিয়া ন্যায় বিচাৰিছে প্ৰৱঞ্চনাৰ বলি হৈ ঘূনীয়া জীৱন আঁকোৱালি লোৱা হৰেন নামৰ দুৰ্ভগীয়া যুৱকজনে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|