ৰাজ্যত এফালে বানপানীৰ তাণ্ডৱ আনফালে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীয়ে।বানপানীত ৰাজ্যবাসীয়ে ককবকাই থকাৰ মাজতে বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে জনাঞ্চলত।
নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে তাণ্ডৱ চলায় বাক্সাৰ লাৱদাংগুৰীত।১২টাতকৈও অধিক বাসগৃহ ভঙাৰ লগতে বিভিন্ন সামগ্ৰী তহিলং কৰে বন্যহস্তীয়ে।কাষতে থকা কাহিতামা বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়াৰ পিছতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ভুক্তভোগীৰ । উল্লেখ্য যে মানাহৰ কাষৰীয়া অঞ্চলটোত প্ৰায়েই বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বনবিভাগে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ একাংশ লোকৰ।
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :