• Home
  • »
  • News
  • »
  • assam
  • »
  • আনক জ্ঞানৰ পোহৰ বিলোৱা এগৰাকী শিক্ষকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ, আপোনাৰ সহায়ে হাঁহি বিৰিঙাব পাৰে অজয় মোহন পাঠকৰ মুখত

আনক জ্ঞানৰ পোহৰ বিলোৱা এগৰাকী শিক্ষকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ, আপোনাৰ সহায়ে হাঁহি বিৰিঙাব পাৰে অজয় মোহন পাঠকৰ মুখত

প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত শিক্ষক অজয় মোহনক এতিয়া চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন।

প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত শিক্ষক অজয় মোহনক এতিয়া চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন।

প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত শিক্ষক অজয় মোহনক এতিয়া চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন।

  • Share this:
এগৰাকী দুৰ্ভগীয়া শিক্ষক৷ নাম অজয় মোহন পাঠক৷ সম্প্ৰতি মৃত্যুৰ ক্ষণ গণিছে শিক্ষকগৰাকীয়ে৷ ধন অভাৱত বিনা চিকিৎসাই পৰি আছে ঘৰৰ বিচনাত৷ বিগত ন মাহে লাভ কৰা নাই নিজৰ প্ৰাপ্য দৰমহা৷

উল্লেখযোগ্য যে বাক্সা জিলাৰ মুছলপুৰ থানাৰ অন্তৰ্গত ভালাগুৰি গাঁৱৰ অজয় মোহন পাঠকে ষষ্ঠ অনুসূচিত স্বায়ত্তশাসিত পৰিষদৰ বাবে অনুষ্ঠিত কৰা বিশেষ টেট পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত থমনা ছোৱালী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল। ঠিকাভিত্তিক শিক্ষক হিচাপে যোগদান কৰা শিক্ষকগৰাকীক বিটিচি পৰিষদে মাহিলী দৰমহা প্ৰদান কৰিছিল অনিয়মীয়াকৈ৷

আৰ্থিকভাৱে চৰম বিপৰ্যয়ৰ মাজতে অজয় মোহন পাঠকে বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতা অনুভৱ কৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হয়। চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত তেওঁৰ দুয়োটা কিডনী বিকল হোৱা বুলি প্ৰকাশ কৰে।

ইতিমধ্যে অজয় মোহন পাঠকে জিএমচিএইচ, জি এন আৰ চিকে ধৰি কেবাখনো চিকিৎসালয়ত চিকিৎসাৰ নামত সা–সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে  যদিও কোনো সুফল পাবলৈ সক্ষম হোৱা নাই ৷ চিকিৎসকে বৃক্ক সংৰোপণৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে৷ কিন্তু যায় কেনেকৈ? কিন্তু ধনৰ অভাৱত এতিয়া ঘৰতে মৃত্যুৰ ক্ষণ গণিছে শিক্ষকগৰাকীয়ে ৷

ইফালে দৰমহা নাই আৰু আনফালে চিকিৎসাৰ নামত শেষ সাঁচতীয়া ধন৷ ফলত শিক্ষকগৰাকীৰ পত্নী চিন্তিত হৈ পৰিছে৷ শিক্ষক অজয় মোহন পাঠকৰ পত্নীয়ে পাবলগীয়া দৰমহাখিনি শীঘ্ৰে মুকলি কৰি দিবলৈ আহ্বান জনাইছে বিটিচি কৰ্তৃপক্ষক৷ কিয়নো বিগত ন মাহে অজয় মোহন পাঠকে লাভ কৰা নাই নিজৰ প্ৰাপ্য দৰমহা৷

প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত শিক্ষক অজয় মোহনক এতিয়া চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক দুৰ্ভগীয়া শিক্ষক অজয় মোহন পাঠকৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে পত্নীয়ে।

আনহাতে, তেওঁৰ চিকিৎসাৰ বাবে কোনো হৃদয়বান লোকে আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে ষ্টেট বেংকৰ মুছলপুৰ শাখাৰ একাউণ্ট নম্বৰ 30802057838, IFSC – SBIN0005243 নম্বৰত প্ৰেৰণ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে। হয়তো আপোনাৰ অলপ সহায়ে অজয় মোহন পাঠকৰ মুখত হাঁহি বিৰিঙাব পাৰে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি