
সুদীৰ্ঘ ২৫ বছৰে শিক্ষকতা কৰি মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ থকা শিক্ষকগৰাকীয়ে বড়ো ভাষাত ছাত্ৰ–ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কিতাপো লিখি উলিয়াইছে।
সুদীৰ্ঘ ২৫ বছৰে শিক্ষকতা কৰি মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ থকা শিক্ষকগৰাকীয়ে বড়ো ভাষাত ছাত্ৰ–ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কিতাপো লিখি উলিয়াইছে।
ৰঙিয়াৰ বাবে সন্মান কঢ়িয়াই আনিছে ৰঙিয়া দেউলকুছিৰ এগৰাকী শিক্ষকে। ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৰঙিয়াৰ শিক্ষক বিনন্দ স্বৰ্গীয়াৰী। অহা ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ২০২০-২০২১ বৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা। এই বঁটাৰ বাবে সমগ্ৰ ভাৰতৰ মুঠ ৪৪ গৰাকী শিক্ষকক শিক্ষকক নিৰ্বাচিত কৰা হৈছে। তাৰ ভিতৰত আছে অসমৰ দুগৰাকী শিক্ষক ৰঙিয়াৰ বিনন্দ স্বৰ্গীয়াৰী আৰু যোৰহাটৰ কংকন কিশোৰ দত্তৰ নাম।
ৰঙিয়াৰ কাউৰবাহা দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিনন্দ স্বৰ্গীয়াৰী নিৰ্বাচিত হোৱাৰ পিছতে ৰঙিয়া তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী শিক্ষকগৰাকীক বিভিন্ন লোকে সম্বৰ্ধনা জনাইছে। সুদীৰ্ঘ ২৫ বছৰে শিক্ষকতা কৰি মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ থকা শিক্ষকগৰাকীয়ে বড়ো ভাষাত ছাত্ৰ–ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কিতাপো লিখি উলিয়াইছে। সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত কাম কৰা শিক্ষকগৰাকীৰ কৃতিত্বক লৈ উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰীসকল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|