Facebook, WhatsApp নহয়, এইবাৰ Free Fireত প্ৰেম, তামুলপুৰৰ যুৱতী পালেগৈ কলকাতা, তাতেই লাগিল অথন্তৰ

প্ৰেমিকে কাটি দিয়া ৰে’লৰ টিকট হাতত লৈ ঘৰৰ পৰা অন্তৰ্ধান হ’ল যুৱতীগৰাকী।
প্ৰেমিকে কাটি দিয়া ৰে’লৰ টিকট হাতত লৈ ঘৰৰ পৰা অন্তৰ্ধান হ’ল যুৱতীগৰাকী।
- News18 Assam
- Last Updated: November 18, 2020, 5:00 PM IST
প্ৰথমে মোবাইলত গেম, পিছত চলাহী কথা৷ কথা–বতৰাৰ মাজতে আদান–প্ৰদান হ’ল ফোন নম্বৰ। যুৱকৰ চলাহী কথাত ভোল গ’ল যুৱতী। দুয়োৰে মাজত চলিল প্ৰেম। তাৰ পিছত প্ৰেমিকাক লগ পাব বিচাৰিলে প্ৰেমিকে। মাতি পঠিয়ালে কলকাতালৈ। অনলাইনত কাটি দিলে ৰে’লৰ টিকট।
প্ৰেমিকে কাটি দিয়া ৰে’লৰ টিকট হাতত লৈ ঘৰৰ পৰা অন্তৰ্ধান হ’ল যুৱতীগৰাকী। ৫ নৱেম্বৰত পৰিয়ালৰ লোকক নোকোৱাকৈ ঘৰ এৰি প্ৰেমিকাৰ ওচৰলৈ ঢাপলি মেলিলে যুৱতীগৰাকীয়ে। বহুত বিচাৰ খোচাৰ কৰিও পৰিয়ালৰ লোকে কোন সন্ধান নাপাই কাষ চাপিল তামুলপুৰ আৰক্ষীৰ৷ তৎপৰ হৈ পৰিল তামুলপুৰ আৰক্ষী৷ চলালে তীব্ৰ সন্ধান৷ আৰক্ষীৰ তদন্তত সন্ধান ওলাল যুৱতীগৰাকীৰ। ম’বাইল ট্ৰেক কৰি যুৱতীগৰাকীৰ লোকেশ্বন ধৰা পৰিল। লোকেশ্বন পশ্চিম বংগৰ ২৪ পৰগনা জিলাৰ তিতাগড় থানাৰ এখন অখ্যাত গাঁও৷