ভূত বাংলাত পৰিণত হৈছে বাক্সাৰ বৰিকাদঙা উপ-স্বাস্থ্য কেন্দ্ৰটো ৷ নিৰ্মাণৰ ছয় বছৰৰ পিছটো মুকলি নহোৱাত হাবি- জংঘলে আৱৰি ধৰি জহি- খহি গৈছে স্বাস্থ্য কেন্দ্ৰটো ৷ ঠিকাদাৰে নিম্ন মানৰ কাম কৰাৰ ফলত উপস্ৱাস্থ্য কেন্দ্ৰটোৰ চিলিং, দৰ্জা আদি জহি-খহি গৈছে।
উল্লেখ্য যে বাক্সা জিলাৰ বৰিকাদঙা অঞ্চলবাসীৰ বিপুল দাবীত স্বাস্থ্য বিভাগে আৱন্টন দিছিল এটা উপস্বাস্থ্য কেন্দ্ৰ ৷ ২০১৪ চনতে অনুমোদন পোৱা স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হ' ল যদিও আজিলৈ বিভাগীয় কৰ্তৃপক্ষই কেন্দ্ৰটোত চিকিৎসক দূৰৰে কথা নিযুক্তি নিদিলে এগৰাকীও নাৰ্ছ। নকি চিকিসালয়খন চোৱা-চিতা কৰিবলৈও নিযুক্তি নিদিলে এজনো চকিদাৰ ৷ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন কৰিও আজিলৈ সুফল নাপেলে।
বৰ্তমান একাংশ দুষ্টলোকে মদ- ভাং খোৱা আৰু জুৱাৰ আড্ডাস্থলীলৈ পৰিণত কৰিছে স্ৱাস্থ্য কেন্দ্ৰটো ৷ ইফালে ঠিকাদাৰে নিম্ন মান কাম কৰাৰ ফলত উপ স্বাস্থ্য কেন্দ্ৰটোৰ পকী দেৱাল, চিলিং, দৰ্জা আদি জহি খহি গৈছে ৷
স্বাস্থ্য কেন্দ্ৰটোত কোনো চিকিৎসক বা নাৰ্ছ নিযুক্তি নিদিয়াত ব়ৃহত্তৰ অঞ্চলটোৰ ৰাইজে সাধাৰণ জ্বৰ, চৰ্দি লাগিলেও বাগানপাৰা বা মুছলপুৰলৈ তাতবাতি কাঢ়িব লাগে ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদক শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক, নাৰ্ছ নিযুক্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|