সমগ্ৰ ৰাজ্যৰ লগতে বজালী (Bajali) জিলাৰো বহু অঞ্চল এইবাৰ বানত বিধ্বস্ত হৈছে। বিশেষকৈ বজালীৰ মেধিকুছি (Medhikuchi)ত বানে সংহাৰমূৰ্তি ধাৰণ কৰিছিল। শেহতীয়াকৈ পুনৰ পহুমৰা নদী (Pahumara River)ৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে বানৰ l
ফলত পুনৰ আতংকিত হৈ পৰিছে মেধিকুছিবাসী l ইতিমধ্যে বান বিধ্বস্ত মেধিকুছিৰ ৪০টাৰো অধিক পৰিয়ালে সৰ্বস্ব হেৰুৱাই গৃহহাৰা হৈ পৰিছে। এতিয়াও আশ্ৰয় শিবিৰত দিন কটাইছে বহু বন্যাৰ্তই l ইয়াৰ মাজতে পুনৰ পহুমৰা নৈ ওফন্দি পৰাত আতংকিত হৈ পৰিছে গাওঁবাসী।
জানিব পৰা মতে মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই মেধিকুছিৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 28, 2022, 03:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|