১১০ দিনৰ পিছত নিয়ন্ত্ৰণলৈ বাঘজানৰ জুই, পিছে এয়া অস্থায়ী সকাহ! কিয় জানক

News18 Assam | News18-Assam
Updated:September 13, 2020, 9:49 PM IST
১১০ দিনৰ পিছত নিয়ন্ত্ৰণলৈ বাঘজানৰ জুই, পিছে এয়া অস্থায়ী সকাহ! কিয় জানক
Photo : The Hindu

জুই নিৰ্বাপন হোৱাৰ পিছত এতিয়া কুঁৱাটো সম্পূৰ্ণৰূপে মাৰি পেলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে অইল কৰ্তৃপক্ষই।

  • News18 Assam
  • Last Updated: September 13, 2020, 9:49 PM IST
  • Share this:
বাঘজানবাসীৰ বাবে সাময়িক সকাহ। নিয়ন্ত্ৰণ হ’ল বিগত ১১০ দিন ধৰি অহৰহভাৱে জ্বলি থকা বাঘজানৰ জুই। অইল ইণ্ডিয়া লিমিটেড আৰু বিদেশী বিশেষজ্ঞৰ দলে দেওবাৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। বিশেষজ্ঞৰ দলে নিৰ্গত গেছ দুটা নিয়ন্ত্ৰিত গাঁতলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয়।

অইলৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই সংবাদ মাধ্যমক জনায় যে এয়া এক জটিল প্ৰক্ৰিয়া আছিল। নিৰ্গত গেছ স্থানান্তৰ কৰি সফলভাৱে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো।

ত্ৰিদীপ হাজৰিকাই কয় যে যেতিয়ালৈকে কুঁৱাটো মাৰি পেলাব নোৱাৰো তেতিয়ালৈকে এয়া অস্থায়ী সকাহ। খাৰুৱা তেল বা গেছৰ কুৱা সম্পূৰ্ণৰূপে মাৰিবলৈ প্ৰয়োজনীয় কেপিং ১৭ আগষ্টত সম্পন্ন কৰা হৈছিল। কেইবাবাৰো বিফল হোৱাৰ পিছত সম্ভৱ হৈছিল কেপিং প্ৰক্ৰিয়া।

জুই নিৰ্বাপন হোৱাৰ পিছত এতিয়া কুঁৱাটো সম্পূৰ্ণৰূপে মাৰি পেলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে অইল কৰ্তৃপক্ষই। চিমেণ্টৰ তৰলীকৃত মিশ্ৰণ উচ্চ চাপত সেই পাইপেৰে ভূগৰ্ভলৈ নিক্ষেপ কৰি বন্ধ কৰা হ’ব এই কুঁৱাটো। ইয়াৰ বাবে ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব।
Published by: Sanjay Kumar Das
First published: September 13, 2020, 9:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি