অভিশপ্ত বাঘজান তৈলখাদৰ জুইয়ে প্ৰাণ কাঢ়িলে আৰু এজনৰ, কৰ্তব্য পালনৰ সময়ত মৃত্যু ২৫ বছৰীয়া অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ

বাঘজান বি জি আৰ ৫ নং তৈল খাদত এজন বিদ্যুত বিভাগৰ অইলৰ অভিযন্তাজনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।
বাঘজান বি জি আৰ ৫ নং তৈল খাদত এজন বিদ্যুত বিভাগৰ অইলৰ অভিযন্তাজনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।
- News18 Assam
- Last Updated: September 9, 2020, 9:32 PM IST

তৈল কোম্পানীটোৱে তৈলখাদৰ জুই নুমুৱাৰ বৃথা প্ৰয়াস অব্যাহত ৰখাৰ সময়তে কম বয়সীয়া অভিযন্তাজনৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে। অইলৰ বিবৃতি অনুসৰি মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে নিৰ্ধাৰণ হ’ব।


ইতিমধ্যে অসম চৰকাৰে ‘কিল দ্য ৱেল’ সিদ্ধান্ত লৈ কেনাডাৰ বিশেষজ্ঞৰ সহায় বিচাৰিছে আৰু সেইমতে বাঘজানৰ জুই আগন্তুক দুমাহলৈ নুমুৱাৰ সম্ভাৱনা নাই। অইল ইণ্ডিয়াৰ ইতিমধ্যে প্ৰতিটো প্ৰয়াস ব্যৰ্থ হৈছে।
জুন মাহত অগ্নিকাণ্ডৰ পিছতে অইলৰ দুজন কৰ্মচাৰীৰ মৃত্যু হৈছিল। নিহত দুজন আছিল প্ৰাক্তন ফুটবলাৰ দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোঁহাই।