মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বাঘজানৰ তৈলখাদ বিস্ফোৰণ: পূৰ্বৰ কমিটী ভংগ কৰি নতুন কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ 

বাঘজানৰ তৈলখাদ বিস্ফোৰণ: পূৰ্বৰ কমিটী ভংগ কৰি নতুন কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ 

News18 Assam | News18-Assam
Updated:September 3, 2021, 11:50 AM IST
বাঘজানৰ তৈলখাদ বিস্ফোৰণ: পূৰ্বৰ কমিটী ভংগ কৰি নতুন কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ 
ক্ষয়-ক্ষতি নিৰ্ধাৰণৰ কাৰণে গঠন হোৱা পূৰ্বৰ কমিটীখনত OILৰ প্ৰতিনিধি থকাৰ কাৰণে ভংগ কৰি দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে । ভাৰতৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে বাঘজান তৈলখাদ বিস্ফোৰণৰ ফলত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত হোৱা ক্ষয়-ক্ষতি নিৰ্ধাৰণ কৰিবলৈ গঠন কৰি দিছে এখন নতুন কমিটী ।

  • News18 Assam
  • Last Updated: September 3, 2021, 11:50 AM IST
  • Share this:
ভাৰতৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে বাঘজান তৈলখাদ বিস্ফোৰণৰ ফলত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত হোৱা ক্ষয়-ক্ষতি নিৰ্ধাৰণ কৰিবলৈ গঠন কৰি দিছে এখন নতুন কমিটী । পূৰ্বৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গঠন কৰা কমিটীখন ভংগ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত গঠন কৰা হৈছে নতুন কমিটীখন । ২০২০চনৰ মে’ মাহত Oil India Limitedৰ দ্বাৰা পৰিচালিত বাঘজান তৈলখাদত বিস্ফোৰণ হৈছিল । বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা জুইৰ লেলিহান শিখাই অঞ্চলটো একাধিক দিন আৱৰি ৰাখিছিল ।

উল্লেখযোগ্য যে পূৰ্বৰ কমিটীখন মুখ্য সচিবৰ নেতৃত্বত গঠন হৈছিল আৰু OILৰ পৰিচালন সঞ্চালক কমিটীখনৰ সদস্য হৈ আছিল । শুনানিকালত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ওয়াই চন্দ্রচুড়ে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ মূৰব্বী সদস্য হৈ থকাটো নিয়ম বহিৰ্ভূত বুলি অভিহিত কৰে । লগতে কমিটীখনত ক্ষেত্ৰ-বিশেষজ্ঞ (Domain Expert) থকাৰো পোষকতা কৰে ন্যায়াধীশগৰাকীয়ে  । কমিটীৰ প্ৰতিবেদন যিহেতু বিচাৰপূৰ্বক (Adjudicatory) হ’ব; গতিকে এগৰাকী ন্যায়াধীশ মূৰব্বী হৈ থকাটো প্ৰয়োজন বুলি মতপোষণ কৰে ন্যায়ালয়ে ।

কমিটীখনৰ আন সদস্য কেইজন হৈছে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ প্ৰৱক্তা কমৰ কুৰেছি, Wetland International, South Asiaৰ সঞ্চালক ৰিটেশ কুমাৰ, ভূমি বিশেষজ্ঞ বেদাংগ বৰদলৈ আৰু পেট্ৰলিয়াম বিশেষজ্ঞ জি এছ দাং । আদালতে কমিটীখনক ক্ষীপ্ৰতাৰে কাম কৰি এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । কমিটীখনে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰি দিব, যি ক্ষতিপূৰণ OIL এ বহন কৰিব লাগিব । ইয়াৰ উপৰিও কমিটীখনৰ আন ব্যয় সমূহো OIL এ প্ৰদান কৰিব লাগিব ।
Published by: Kokil Sarma
First published: September 3, 2021, 11:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি