২৫ দিনলৈ নিৰ্বাপিত নহয় বাঘজানৰ জুই, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা-আৰক্ষী মোতায়েন

News18 Assam | News18-Assam
Updated:June 11, 2020, 1:55 PM IST
২৫ দিনলৈ নিৰ্বাপিত নহয় বাঘজানৰ জুই, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা-আৰক্ষী মোতায়েন
সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।

সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।

  • Share this:
বাঘজান কাণ্ডই আজি ভৰি দিলে ১৬ টা দিনত।  যোৱা মাহৰ পৰা গেছ–তেল নিৰ্গত হৈ থকাৰ পিছত ৯ জুন তাৰিখে ৫ নং তৈল খাদত যি অগ্নিৰ সূত্ৰপাত ঘটে সেয়া ৰোধ কৰিবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লগতে ছিংগাপুৰৰ বিশেষজ্ঞৰ দল আহি তিনিচুকীয়াৰ বাঘজনত উপস্থিত হৈছিল কিন্তু এতিয়ালৈকে সকলো বিফল।

লগতে অইল ইণ্ডিয়াৰ চূড়ান্ত গাফিলতিৰ বাবে যোৱা কালি যি দুজনকৈ অইল ইণ্ডিয়াৰ অগ্নি নিৰ্বাপিক বাহিনীৰ কৰ্মচাৰীয়ে কৰুণ মৃত্যুক সাৱটি ল’লে, এই ঘটনাক কেন্দ্ৰ কৰি বাঘজানত উত্তেজনাই বিৰাজ কৰিছে। অগ্নিকাণ্ডত অইলৰ দুজন কৰ্মী প্ৰাণ যোৱাৰ লগতে বাঘজানবাসীৰ ক্ষতি হৈছে বৃহৎ পৰিমানৰ ৷

বাঘজানৰ পৰিস্থিতিয়ে ভয়ানক ৰূপ লোৱাৰ পাছত তেল–গেছ নিৰ্গতৰ ১৬ দিনৰ দিনা ঘটনাস্থলীত কটকটীয়া নিৰাপত্তাৰ মাজত সেনা বাহিনী মোতায়েন কৰি দিয়া হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে।

তৈল খাদৰ পৰা লগা অগ্নি ৰোধ কৰাৰ বাবে দুলীয়াজানৰ পৰা বিশেষ বাহনেৰে যন্ত্ৰ পাতি সমূহ লৈ অহা হৈছে লগতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন প্ৰায় ১৬ খনত কৈ অধিক ৰখা হৈছে যদিও কাম কেতিয়া আৰম্ভ হব সেইয়াহে ডাঙৰ প্ৰশ্ন।
First published: June 11, 2020, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি