বাঘজানত ভয়ংকৰ পৰিস্থিতি, কেনেকৈ লাগিল জুই? কি কয় অইল কৰ্তৃপক্ষই?

News18 Assam | News18-Assam
Updated:June 9, 2020, 4:44 PM IST
বাঘজানত ভয়ংকৰ পৰিস্থিতি, কেনেকৈ লাগিল জুই? কি কয় অইল কৰ্তৃপক্ষই?
ইতিমধ্যে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে বৃহৎ অঞ্চল।

ইতিমধ্যে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে বৃহৎ অঞ্চল।

  • Share this:
বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অইল কৰ্তৃপক্ষইৰ। ঘটনাক লৈ শংকিত অইল কৰ্তৃপক্ষই কয় যে আমি বহু চেষ্টা কৰিছিলো গেছ নিয়ন্ত্ৰণ কৰিবলৈ। ৱেলটোৰ ভিতৰত যথেষ্ট পৰিমাণে পানী মজুত কৰি থোৱা আছিল, কিন্তু কেনেকৈ জুই লাগিল আমি তদন্ত কৰিব লাগিব। জুই লাগিলেও চিন্তাৰ কাৰণ নাই, আমাৰ বিশেষজ্ঞই জনাইছে তেওঁলোকৰ হাতত মজুত থকা সঁজুলিৰে জুই নিয়ন্ত্ৰণ কৰিব পৰা যাব। অহা দুদিনমানৰ ভিতৰত জুই নিয়ন্ত্ৰণ কৰিব পৰা যাব।

ইতিমধ্যে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে বৃহৎ অঞ্চল। ডিব্ৰু চৈখোৱাৰ প্ৰতি এই অগ্নিকাণ্ডই আনিছে তীব্ৰ ভাবুকি। প্ৰাপ্ত খবৰ অনুসৰি, খাদটোৰ কাষত থকা কেইবাটাও ঘৰ জাহ গৈছে জুইত। দ্ৰুতগতিত সম্প্ৰসাৰণ হৈ আছে এই জুই।
First published: June 9, 2020, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি