বিভীষিকা আঁতৰা নাই বাঘজান তৈলক্ষেত্ৰত, ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰীয়ে

News18 Assam | News18-Assam
Updated:June 10, 2020, 11:15 AM IST
বিভীষিকা আঁতৰা নাই বাঘজান তৈলক্ষেত্ৰত, ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰীয়ে
এতিয়াও অব্যাহত আছে বাঘজানৰ বিভীষিকা

এতিয়াও অব্যাহত আছে বাঘজানৰ বিভীষিকা

  • Share this:
বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছে অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰীয়ে। মঙলবাৰে বাঘজানৰ তেল খাদত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ পিছৰে পৰা অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰী নিৰুদ্দেশ হৈ আছিল। সেই সময়ত খাদটোত কৰ্তব্যত থকা অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুই কৰ্মচাৰী ক্ৰমে দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে NDRFবাহিনীয়ে। দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে এখন বিলত।

ইফালে এতিয়াও অব্যাহত আছে বাঘজানৰ বিভীষিকা। অগ্নিকাণ্ডত প্ৰায় ছখন গাঁৱৰ দুহাজাৰৰো অধিক লোকে এৰিবলগীয়া হৈছে ঘৰ। মঙলবাৰৰ পৰা জ্বলিয়েই আছে খাদটো।  ৮০ কিলো মিটাৰ দূৰৈৰ পৰা দেখিবলৈ পোৱা গৈছে জুই আৰু ধোৱা।
First published: June 10, 2020, 11:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি