বাঘজানত ক্ষোভৰ জুই তীব্ৰতৰ, ঘৰ–বাৰী হেৰুৱাই নিথৰুৱা হোৱা শুক্লেশ্বৰ নেওগে বিহপান কৰি ত্যাগ কৰিলে জীৱন

News18 Assam | News18-Assam
Updated:July 18, 2020, 5:07 PM IST
বাঘজানত ক্ষোভৰ জুই তীব্ৰতৰ, ঘৰ–বাৰী হেৰুৱাই নিথৰুৱা হোৱা শুক্লেশ্বৰ নেওগে বিহপান কৰি ত্যাগ কৰিলে জীৱন
আজি পুৱা শিবিৰত বিহপান কৰিছিল ব্যক্তিজনে।

আজি পুৱা শিবিৰত বিহপান কৰিছিল ব্যক্তিজনে।

  • Share this:
বাঘজানৰ জুইয়ে নিথৰুৱা কৰা শুক্লেশ্বৰ নেওগ নামৰ ব্যক্তিজনে বিহপান কৰিছিল। অৱশেষত চিকিৎসালয়ত মৃত্যুৰে যুঁজি হাৰ মানিলে শুক্লেশ্বৰ নেওগে। আজি ৩.৩০বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় লোকজনৰ । পুৱাই বাঘজানৰ নিজা ক্ষতিগ্ৰস্ত ঘৰখনলৈ গৈ বিহ পান কৰিছিল লোকজন । বাঘজান অগ্নিকাণ্ড ঘটনাত ঘৰ-বাৰী হেৰুৱাই মানসিক ভাৱে ভাগি পৰিছিল লোকজন |

বৰ্তমানলৈকে অইল ইণ্ডিয়াই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোক সকলৰ ক্ষতিপুৰন নিৰ্ধাৰণ নকৰাত আৰু জুই নিৰ্বাপিত নোহোৱাত ঘৰলৈ ওভতি যাব নোৱাৰি ভাগি পৰিছিল লোকজন |

উল্লেখ্য যে, বৰ্তমানলৈকে অইল ইণ্ডিয়াই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোক সকলৰ ক্ষতিপুৰন নিৰ্ধাৰণ নকৰাত আৰু জুই নিৰ্বাপিত নোহোৱাত ঘৰলৈ ওভতি যাব নোৱাৰি ভাগি পৰিছিল লোকজন।

ক্ৰমাৎ পুনৰ উত্তপ্ত হৈ পৰিছে বাঘজান। বাঘজানৰ আশ্ৰয় শিবিৰত থকা লোকসকল প্ৰতিকুল বতৰকো নেওচি আজি পুনৰ ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাঘজান তৈলখাদলৈ যোৱা পথৰ লগতে কেইবাটাও স্থানত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আশ্ৰয় শিবিৰত থকা ভুক্তভোগী বাঘজানবাসীয়ে ।

আজিৰ ভিতৰতেই অইল ইণ্ডিয়া, চৰকাৰ তথা জিলা প্ৰশাসনে ভুক্তভোগী বাঘজানবাসীক উচিত ক্ষতিপুৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে।

বিগত ৫৩ দিনে বাঘজানবাসী ৰাইজে অইল ইণ্ডিয়াক সম্পূৰ্ণ সহযোগ আগবঢ়াই আহিছিল যদিও আজি পৰ্যন্ত কিন্তু বাঘজান বি.জি.আৰ.-৫ নম্বৰ তৈলখাদৰ অগ্নিকাণ্ড নিৰ্বাপণ কৰিবলৈ সক্ষম নহ'ল অইল কৰ্তৃপক্ষ।



যেতিয়ালৈকে বাঘজানবাসী ক্ষতিগ্ৰস্ত ৰাইজে উচ্চিত ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ'য় তেতিয়ালৈকে অনিদিষ্ট কালীনভাৱে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ কথা উল্লেখ কৰিছে প্ৰতিবাদকাৰী সকলে। 
First published: July 18, 2020, 4:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি