মুখ্যপৃষ্ঠা »খবৰ »অসম »বাঘজানত নিহত দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোঁহাইক ভাৰত চৰকাৰে প্ৰদান কৰিব সাহসিকতাৰ পুৰস্কাৰ

বাঘজানত নিহত দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোঁহাইক ভাৰত চৰকাৰে প্ৰদান কৰিব সাহসিকতাৰ পুৰস্কাৰ

দুৰ্লভ আৰু তিখেশ্বৰৰ বাসগৃহত উপস্থিত হৈ শোকস্তব্ধ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে অইলে তেওঁলোকৰ পত্নীৰ হাতত প্ৰদান কৰে ৩০ লাখকৈ টকাৰ চেক।

দুৰ্লভ আৰু তিখেশ্বৰৰ বাসগৃহত উপস্থিত হৈ শোকস্তব্ধ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে অইলে তেওঁলোকৰ পত্নীৰ হাতত প্ৰদান কৰে ৩০ লাখকৈ টকাৰ চেক।

  • Share this:
বাঘজান তৈলক্ষেত্ৰত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত নিহত হোৱা দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোঁহাইৰ বাসগৃহত সোমবাৰে উপস্থিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অইলৰ পৰিচালন সঞ্চালক তথা কোম্পানীৰ অধ্যক্ষ সুশীল কুমাৰ মিশ্ৰ। দুৰ্লভ আৰু তিখেশ্বৰৰ বাসগৃহত উপস্থিত হৈ শোকস্তব্ধ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে অইলে তেওঁলোকৰ পত্নীৰ হাতত প্ৰদান কৰে ৩০ লাখকৈ টকাৰ চেক।

ইফালে দুৰ্লভ আৰু তিখেশ্বৰৰ পৰিয়ালক শীঘ্ৰে চাকৰি প্ৰদান কৰা প্ৰতিশ্ৰুতি দিয়াৰ লগতে দুয়োগৰাকীকে ভাৰত চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হব সাহসিকতাৰ পুৰস্কাৰ। এই কথা জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

আনহাতে, অইলৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, বিস্ফোৰণ স্থলীত অইলে ১২ বিঘা মাটি সামৰি নিৰ্মাণ কৰা পুখুৰীত ডাঙৰী নৈৰ পৰা পানী অনাৰ পিছতেই ১৫ৰ পৰা ২০ দিনৰ ভিতৰত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ আশা প্ৰকাশ কৰিছে অইল ইণ্ডিয়াই।

শেহতীয়া বাতৰি